অইল ৰয়েলিটি: অসম চৰকাৰে ২৯২১.৪৬ কোটি পাবলৈ বাকী আছে

অইল ৰয়েলিটি: অসম চৰকাৰে ২৯২১.৪৬ কোটি পাবলৈ বাকী আছে

অইল ৰয়েলিটিৰ বাবে অসম চৰকাৰে ২৯২১.৪৬ কোটি লাভ কৰিবলৈ বৰ্তমানেও বাকী আছে । এই সম্পৰ্কত অসম চৰকাৰে কেন্দ্ৰীয় প্ৰেট্ৰলিয়াম আৰু নেচাৰেল গেছ মন্ত্ৰালয়ক অবগত কৰিব লাগে। এই বৃহৎ পৰিমাণৰ ধন তেল উৎপাদন কাৰী কোম্পানী যেনে OIL আৰু ONGC ৰ পৰা ২০১৮ চনৰ পৰা পাব লগা আছে অসম চৰকাৰে।

সূত্ৰয়ে প্ৰকাশ কৰা মতে , ২০০৮ চনৰ পৰা ২০১৬ চনৰ ভিতৰত অসম চৰকাৰে প্ৰায় ৭,৭৫৫.৮৮ কোটি টকা পৰিশোধ কৰিবলৈ থকাৰ পৰিপ্ৰেক্ষিতে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । উল্লেখযোগ্য যে তেল উৎপাদন কাৰী কোম্পানী সমূহে তেল উৎপাদন কৰা ৰাজ্য অসম আৰ গুজৰাট সমুহক কম দামত দিয়াৰ বাবে চৰকাৰে ৰাজহৰ ক্ষেত্ৰত যথেষ্ট ক্ষতিগ্ৰস্ত হয়।

২০১৬ চনৰ জুলাই মাহত ভাৰত চৰকাৰে ONGC আৰু OIL কোম্পানী সমূহক অসমক ৰয়েলিটি দিবলৈ নিৰ্দেশ দিছিল বুলি প্ৰকাশ কৰে ।

তথ্যত প্ৰকাশ কৰিছে যে তেল উৎপাদন কাৰী কোম্পানী সমূহে ইতিমধ্যে ৪,৪৩৪,৪২ কোটি ৪ টা ইঞ্চষ্টলমেন্টত প্ৰদান কৰিছে । ২০১৬ চনৰ আগষ্ট মাহত OIL আৰু ONGC য়ে প্ৰথম ভাগত ১৪৪৯.৮৮ কোটি পৰিশোধ কৰে। পৰবৰ্তী ইঞ্চষ্টলমেন্টত ৯৪৫.৯০ কোটি , ৬৭০ কোটি, ১৩১১.৭৮ কোটি আৰু ৪৫৬.৭৪ কোটি আৰু ৪৫৬.৮৬ কোটি পৰিশোধ মোকলাই দিছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু নেচাৰেল গেছ কোম্পানীয়ে । অইল ফিল্ড এক্টৰ মতে , OIL আৰু ONGC পৰিশোধ কৰিব লগিয়া ধনৰ ২০ % অধিক পৰিশোধ কৰিব লাগিব ।

২০০৪ চনত ভাৰত চৰকাৰে, অইল আৰুঅ এন জি চিক প্ৰেট্ৰেল, ডিজিল, ৰন্ধন গেছ - এল পি জি আৰু আন কেৰাচিনৰ ওপৰত এটা অংশ চাবচিটি দিবলৈ কয় । ডিচকাউন্ট সহ ৰিফাইনেৰিত বিক্ৰী কৰিবলৈ আদেশ দিছিল । ২০০৮ চনত চৰকাৰে ডিচকাউন্টত ৰয়েলিটি দিবলৈ কৈছিল ।

২০১১ চনত, গুজৰাট চৰকাৰে গুজৰাট উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল । আবেদন খনত উল্লেখ কৰা আছিল যে বজাৰৰ দৰত তেলৰ ৰয়েলিটি দিব লাগে। ২০১৩ চনত উচ্চ ন্যায়ালয়ে এই আবেদনৰ সমৰ্থনত ৰায় দান দিয়ে ।অইল ৰয়েলিটিৰ বাবে অসম চৰকাৰে ২৯২১.৪৬ কোটি লাভ কৰিবলৈ বৰ্তমানেও বাকী আছে ।এই বৃহৎ পৰিমাণৰ ধন তেল উৎপাদন কাৰী কোম্পানীৰ যেনে OIL আৰু ONGC ৰ পৰা ২০১৮ চনৰ পৰা পাব লগা লাগে অসম চৰকাৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com