প্ৰসংগঃঅসম লোকসেৱা আয়োগ:এজনীয়া পেনেলৰ তদন্ত

প্ৰসংগঃঅসম লোকসেৱা আয়োগ:এজনীয়া পেনেলৰ তদন্ত

ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ এজনীয়া দলেই গঠন কৰা নাই । বৰঞ্চ বিভিন্ন বিসংগতি আৰু সকলো প্ৰকাৰৰ অপব্যৱহাৰ দূৰীকৰণৰ ব্যৱস্থাও কৰিছে ।ইয়াৰোপৰি পেনেলে অসম লোকসেৱা আয়োগৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ’ৰ সন্দৰ্ভতো অধ্যয়ন কৰিব ৷লগতে পূৰ্বৰ পৰা থকা উত্তৰ বহী সমূহো সঠিক ভাৱে নিৰীক্ষণ কৰিব।

উল্লেখ্য যে বহু বিতৰ্কিত অসম লোকসেৱা আয়োগৰ ফলাফল ঘোষণা কৰা হৈছিল ২০১৫ চনৰ ১২ মে’ত ৷গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এজনীয়া কমিটী গঠন কৰিছিল ৷ এই পেনেলৰ নেতৃত্ব বহন কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰ প্ৰাপ্ত ন্যায়ধীশ বি কে শৰ্মাই।

আনহাতে অসম লোকসেৱা আয়োগৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে প্ৰথমতেই চাৰ্জছীট দাখিল কৰিলে ৷ সম্প্ৰতি গুৱাহাটীস্থিত আদালতত ইয়াৰ গোচৰ চলি আছে।অসম লোকসেৱা আয়োগৰ সন্দৰ্ভত তদন্তৰ সন্মুখীন হোৱা সকলৰ ভিতৰত অসম লোকসেৱা আয়োগৰ সেই সময়ৰ সেই সময়ৰ অধ্যক্ষ ৰাকেশ পাল,অসম লোকসেৱা আয়োগৰ শীৰ্ষ বিষয়া কৰ্মচাৰীৰ লগতে এচিএচ,এপিএচ বিষয়াৰ লগতে প্ৰায় ৭০ জন বিষয়া কৰ্মচাৰী অন্তৰ্ভূক্ত আছে। অৱশ্য এই ঘটনাত অভিযুক্ত অন্য বহু বিষয়া কৰ্মচাৰী এতিয়াও পলাতক।

ইফালে পেনেলে অসম লোকসেৱা আয়োগৰ সন্দৰ্ভত সকলো তদন্ত কৰিব ৷ অসম লোকসেৱা আয়োগৰ প্ৰাৰ্থীসকলৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ লগতে এপিএচচিৰ অধ্যক্ষ আৰু অন্যান্য সদস্যসকলৰ ভূমিকা আদি নিৰীক্ষণ কৰিব ৷ আনহাতে প্ৰশ্ন তৈয়াৰ কৰা সকলৰ অৰ্হতা,যোগ্যতা আৰু প্ৰশ্ন তৈয়াৰ কৰোঁতে পেনেল গঠন কৰিছেনে নাই তাৰ ওপৰতো দৃষ্টি ৰাখিব ৷ অসম লোকসেৱা আয়োগত বিগত সময়ত হোৱা বিভিন্ন দুৰ্নীতিৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি অধিক সক্ৰিয় হৈছে এজনীয়া পেনেল ।ভৱিষ্যত যাতে ৰাজ্যৰ জনগণে এপিএচচিৰ ওপৰত আস্থা হেৰুৱাই নেপেলাই তাৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ।

এপিএচচি কেলেংকাৰী গোচৰটো প্ৰায় ডেৰ বছৰ ধৰি চলি আছে ।ৰাকেশ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকা সময়ে আয়োগৰ ভিতৰচৰা এখন চাকৰিৰ বজাৰলৈ পৰ্যবসিত কৰিছিল । এপিএচচি কেলেংকাৰীৰ গোচৰত বহুতো এচিএচ আৰু এপিএচ বিষয়াক গ্ৰেপ্তাৰ কৰিছিল ।

২০১৭ চনৰ পৰা ২০১৮ চনৰ ভিতৰত গ্ৰেজেটেড বিষয়াকো গ্ৰেপ্তাৰ কৰিছিল ।২০১৬ চনত ডিব্ৰুগড় আৰক্ষীয়ে উৎকুচ লোৱাৰ এক গোচৰ ৰুজু কৰিছিল । ১০ লাখ টকা উৎকুচত এপিএচচিত চাকৰি দিয়াত ইঞ্জিনিয়াৰ নবকান্ত পাটিৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল । তাৰ পিছত আৰক্ষীয়ে নবকান্ত পাটিৰক হাতে লোটে আটক কৰে । নবকান্ত পাটিৰৰ স্বীকাৰ উক্তিৰ ভিত্তিত ৰাকেশ পালক ২০১৬ চনৰ ৪ নবেম্বৰত আটক কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com