আশ্বৰ্যকৰ! এটা নিজৰা, য'ত পানী নহয়, ১৫৬০ ফুট উচ্চতাৰ পৰা জুই বয়

আশ্বৰ্যকৰ! এটা নিজৰা, য'ত পানী নহয়, ১৫৬০ ফুট উচ্চতাৰ পৰা জুই বয়
Published on

আশ্বৰ্যকৰ! এটা নিজৰা, য'ত পানী নহয়, ১৫৬০ ফুট উচ্চতাৰ পৰা জুই বয়।‌ পৃথিৱী খন বিভিন্ন ধৰণৰ আজৱ ঘটনা‌ৰে আৱৰা ।আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনা দেখিবলৈ পাও। আমি ইয়াৰ আগতেও বহু আজৱ ঘটনা আপোনালোকৰ আগত আগবঢ়াইছো । যি বিলাকৰ বিষয়ে হয়তো আমি বহুতেই অজ্ঞ । লগতে কিছুমান ঘটনাই আমাক অতি আচৰিত কৰিও তোলে । কেতিয়াবা কৰবাত জুইৰ প্ৰপাতৰ কথা শুনিছে জানো । আমি আজি এটা জুইৰ নিজৰাৰ বিষয়ে জনাব । যি শুনিলে আপুনিও হ'ব আচৰিত। আমি সকলোৱে বিভিন্ন ধৰণৰ নদ‌ নদী , নিজৰা আদি দেখি আহিছো। তদুপৰি নদ নদী, জলপ্ৰপাত আদি আমাৰ সকলোৰে প্ৰিয় । তাৰ মাজতেই প্ৰকৃতিৰ কিছুমান এনেকুৱা সৃষ্টি আছে যি বোৰ অতি অসাধৰণ । জানিব পৰা মতে এটা এনেকুৱা নিজৰা আছে য'ত পানী নহয়, জুই বয় । ফটো খনত প্ৰত্যক্ষ কৰিলে গম পোৱা যায় যে প্ৰপাতটোৰে জুই বয় আছে ।

জানিব পৰা মতে এই নিজৰাটোৰ জুই ১৫৬০ উচ্চ পাহাৰৰ ওপৰৰ পৰা বয়। এই ব্যতিক্ৰমী নিজৰা চাবলৈ বহু পৰ্যটকে আহি ভিৰ কৰে । এই নিজৰাটো কেলিফ'ৰ্ণিয়াৰ য়োচোমিটি নেচনেল পাৰ্কৰ অৱস্থিত। এই নিজৰাটোক ফায়াৰফল বুলি কোৱা হয়। যাৰ অৰ্থ হল জুইৰ নিজৰা।

ইয়াৰ মাজতেই এটা কথা জনাটো যে দৰাচলতে এয়া জুই নহয়, পানীয়ে হয় । জানিব পৰা মতে সূৰ্যাস্তৰ সময়ত এই নিজৰাটোৰ ৰং সলনি হৈ যায় । যাৰ ফলত নিজৰাটো জুইৰ লেখিয়া দেখা হয় ।‌

এক কথাত কব গ'লে এয়া প্ৰকৃতিৰে অৱদান । যাৰ ফলত সূৰ্যাস্তৰ কিৰণ জলপ্ৰপাতটোত পৰে আৰু তাৰ ৰং জুইৰ দৰে হয় । এই সৌন্দৰ্য উপভোগ কৰিবলৈয়ে বিভিন্ন লোকে আহি ভিৰ কৰে এই ঠাই খনত ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com