Begin typing your search above and press return to search.

ভয়াবহ তথ্য ফাদিল: অসমৰ পৰা ৩০০ ৰো অধিক হাতী বহিঃৰাজ্যলৈ চালান

ভয়াবহ তথ্য ফাদিল: অসমৰ  পৰা ৩০০ ৰো  অধিক হাতী বহিঃৰাজ্যলৈ চালান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Jun 2019 7:10 AM GMT

বন্যপ্ৰানী সুৰক্ষা আইন উলংঘা কৰি অসমৰ পৰা ৩০০ ৰো অধিক হাতী বহিঃৰাজ্যলৈ প্ৰেৰণ কৰাৰ ভয়াবহ তথ্য ফাদিল হৈছে। ৰাজ্যিক প্ৰশাসন আৰু বনৰ বিভাগৰ চত্ৰচায়াতে এই ঘটনা সংঘটিত হৈ আছে । ২০০৩ চনৰ পৰা ২০১৮ চনৰ ভিতৰত অসমৰ পৰা ৩২০ টা হাতী বহিৰাজ্যলৈ চালান কৰা হৈছে ।

হাতী সমূহ বহিঃৰাজ্যত বিক্ৰী কৰাৰ ক্ষেত্ৰত হাতীৰ মালিক সকলে গ্ৰহণ কৰা ব্যবস্থা গুৰুত্বপূৰ্ণ কাৰন ১৯৭২ চনৰ বন্যজীৱ সুৰক্ষা এক্টৰ ৪৩ ধাৰা অনুযায়ী জীৱজন্তু চালান কৰাৰ ক্ষেত্ৰত অথবা যিকোনো বিবেচনাৰ ভিত্তিত এই আইন খনে নিয়ন্ত্ৰণ কৰে। মালিক সকলে বন বিভাগক অনুৰোধ কৰে যে, হাতী সমুহ আন ৰাজ্য কামৰ কাৰণেই হওঁক অথবা ধৰ্মীয় কাৰণতে হওঁক বহিৰাজ্যলৈ যোৱাৰ অনুমতি প্ৰদান কৰে যাতে ।

জেষ্ঠ কাউঞ্চিল ভাস্কৰ দেব কোঁৱৰে প্ৰকাশ কৰে যে , ২০০৩ চনৰ পৰা ২০১৮ চনৰ ভিতৰত অসমৰ পৰা ৩২০ টা হাতী বহিঃৰাজ্যলৈ চালান কৰা হৈছে । অসমৰ পৰা বহিঃৰাজ্যলৈ চাৰিটাকৈ হাতী প্ৰেৰন কৰিবলৈ ওলোৱা ঘটনাই বন্যপ্ৰানী অপৰাধ প্ৰতিৰোধ গোটৰ প্ৰতিবেদনতে উন্মোচিত হৈছে এই ভয়াবহ তথ্য । বন্য প্ৰাণী আইন উলংঘা কৰি এচাম ব্যবসায়িয়ে এনেদৰে বহিঃৰাজ্যলৈ হাতী চালান দি আছে। ২০০৭ চনৰ ৭ ডিচেম্বৰত বন্য প্ৰাণী সুৰক্ষা সমিতিয়ে প্ৰকাশ কৰা পত্ৰত হাতীৰ চালান অথবা আমদানি, ৰপ্তানি আদিত ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।

প্ৰতিবেদন খনত সন্নিবিষ্ট হোৱা তথ্য অনুসৰি ৰাজ্যত ২০০৭ চন পৰ্যন্ত পঞ্জীয়নভুক্ত হাতীৰ সংখ্যা ৯৫৬ টা । কিন্তু ইয়াৰে ২০০৩ চনৰ পৰা ২০০৭ চনপৰ্যন্ত ২৫৯ টাকৈ হাতী অসমৰ পৰা বহিৰাজ্যলৈ লৈ যোৱা হৈছে ।উল্লেখযোগ্য যে বন্যপ্ৰানী অপৰাধ প্ৰতিৰোধ গোটে হাতী সৰবৰাহৰ সমগ্ৰ বিষয়টোৰ অনুসন্ধান কৰি ২০০৭ চনৰ ৭ ডিচেম্বৰত যাবতীয় ব্যবস্থা গ্ৰহণৰ হকে প্ৰধান মুখ্য বন সংৰক্ষক লৈ পত্ৰ প্ৰেৰণ কৰিছিল । তদন্তকাৰী গোটটোৱে সমগ্ৰ ঘটনাৰ তদন্ত কৰি দাখিল কৰা প্ৰতিবেদনতে উল্লেখ কৰা হৈছে যে অসমৰ পৰা অনিয়মেৰে বহিৰাজ্যলৈ হাতীৰ সৰবৰাহ কৰাই নহয় , ভাৰতবৰ্ষৰ বিভিন্ন বজাৰত বিক্ৰী কৰি থকা হৈছে ।

জেষ্ঠ কাউঞ্চিল ভাস্কৰ কোঁৱৰে অসমত শীঘ্ৰেই পোহনীয়া হাতী বিধি বলবৎ কৰা উচিত । বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা বন্ধ কৰাৰ লগতে সৰবৰাহ কৰাৰ বন্ধৰ দাবী জনাই ।

অন্য খবৰৰ বাবে পঢ়ক:গোলাঘাট জিলাত ক্ৰমাত বৃদ্ধি পাইছে হাতী -মানুহৰ সংঘাত

Next Story
চাকৰি