Begin typing your search above and press return to search.

পাকিস্তানৰ গায়িকাৰ সাপ,ঘৰিয়াঁল লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ভাবুকি:চাওঁক ভিডিঅ’

পাকিস্তানৰ গায়িকাৰ সাপ,ঘৰিয়াঁল লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ভাবুকি:চাওঁক ভিডিঅ’

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2019 12:34 PM GMT

পাকিস্তানৰ প’প গায়িকা ৰাবি পিৰজাদাৰ এটি চাঞ্চল্যকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে ৷ প’প গায়িকা পিৰজাদাই সাপ,ঘৰিয়াল লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দিছে ভাবুকি ৷ গায়িকা গৰাকীয়ে মোডীক তীব্ৰ ভাষাৰে কৰ্কথনা কৰাৰ লগতে কাশ্মীৰ বিছাৰি মাজে মাজে গীতো গাইছে ।সম্প্ৰতি গায়িকা গৰাকীৰ এনে কৰ্মকাণ্ড ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

আৰু বহু গায়িকা গৰাকীক কৰ্কথনা কৰাৰ লগতে কিছুমানক হাঁহি খোৰাক জগাইছে । প্ৰায় ৫৯ ছেকেণ্ড ভিডিঅ’টোত পাকিস্তানী গায়িকা ৰাবিয়ে এগৰাকী কাশ্মীৰী যুৱতীয়ে ভাৰতৰ বিৰুদ্ধে কি কৰিব পাৰে তাক প্ৰকাশ কৰিছে ৷ ইফালে প্ৰধান মন্ত্ৰী মোডীলৈ এক উপহাৰ আনিছো বুলিও মন্তব্য কৰিছে কণ্ঠ শিল্পী গৰাকীয়ে ৷

https://twitter.com/Rabipirzada/status/1168566741162778625

ৰাবিয়ে কয় যে মোডী তুমি কাশ্মীৰক কিয় অশান্তি কৰি আছা। চোৱা মই তোমাৰ কাৰণে কি লৈ আহিছো ৷ গতিকে মৰিবৰ কাৰণে সাজু হোৱা ৷ ঠিক আছে ৷ আনহাতে সাপ,ঘৰিয়াঁল সমূহক উদ্দেশ্য কৰি এই সকলো বোৰ বন্ধু বান্ধবীয়ে তোমাক শেষ কৰিব । উল্লেখ্য যে জম্মু কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত এক শীতল যুদ্ধ দেখা গৈছে। বিগত সময়ত ৰাজনৈতিক নেতাসকলে এই সন্দৰ্ভত বিভিন্ন প্ৰতিক্ৰিয়া কৰাৰ বিপৰীতে এইবাৰ সাংস্কৃতিক জগতৰ লগত জৰিত ব্যক্তি সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক :যান বাহনৰ নতুন আইনৰ লগত এখন জনপ্ৰিয় ছবিৰ সম্পৰ্কই চৰ্চা লাভ কৰিছে সৰ্বত্ৰে:চাওঁক ভিডিঅ’

ভিডিঅ প্ৰতক্ষ্য কৰক:Police apprehended two poachers at Mazbat in Darrang

Next Story
চাকৰি