গুৱাহাটীৰ ৰেষ্টোৰাত "পাল্কী " নামৰ ৰবটে আপ্যায়ন কৰিব গ্ৰহকক

গুৱাহাটীৰ ৰেষ্টোৰাত "পাল্কী " নামৰ ৰবটে আপ্যায়ন কৰিব গ্ৰহকক

গুৱাহাটীৰ ৰেষ্টোৰাত এটা নতুন কৌশলে সকলো গ্ৰাহকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে । " পাল্কী " নামৰ ৰবটে গ্ৰাহক সকলক আপ্যায়ন কৰিব। গুৱাহাটীৰ চৌদিশে এতিয়া "পাল্কী " নামৰ ৰবটোৰ চৰ্চা সৰ্বতে । গুৱাহাটীৰ এই ৰেষ্টোৰা খনত এতিয়া গ্ৰাহকৰ ভিৰ কেৱল পাল্কী নামৰ এই ৰবটো শ্বচক্ষুৰে প্ৰতক্ষ্য কৰিবলৈ ।

প্ৰথমতে গুৱাহাটীবাসীৰ বাবে ই নতুন আৰু পৃথক অভিজ্ঞতা । গুৱাহাটী ৰেষ্টোৰাত সুন্দৰ অবয়বৰ সৈতে চলন্ত ৰবট প্ৰতক্ষ্য কৰে। ৰবটোৰ নাম "পাল্কী "। এই ৰবটোৰ স্বত্বাধিকাৰ এচ এন ফাৰিড। শিলপুখুৰীস্থিত পৰম্পৰাগত খাদ্যৰ ৰেষ্টোৰাত এই সুন্দৰ ৰবটৰে আপ্যায়ন কৰিব পাল্কী ৰবটোৱে । দুবছৰৰ পূৰ্বে এই ৰেষ্টোৰাখন মুকলি কৰা হৈছে।" পাল্কী " নামৰ ৰবটে গ্ৰাহক সকলক আপ্যায়ন কৰিব। সন্মোহিত কৰিব পাল্কীৰ মিঠা কণ্ঠই।

"পাল্কী" স্বত্বাধিকাৰ ফৰিডায়ে পৰিকল্পনা কৰিছিল ৰবটোৰ । সত্ৰীয়া নৃত্যৰ পোছাক পৰিধান কৰাইছে এই ৰবটোক । ফৰিডায়ে প্ৰকাশ কৰা মতে, পাল্কী সদৃশ আৰু তিনিটা ৰবট নিৰ্মাণ কৰি থকা হৈছে । অতি শীঘ্ৰেই পাল্কী সদৃশ ৩ টা ৰবট দেখিবলৈ পাব গুৱাহাটীবাসীয়ে।

এইবাৰ WAITRESSৰ ৰূপত যন্ত্ৰমানৱ পাল্কী। সত্ৰীয়া সাজপাৰ পৰিহিতা পাল্কীয়ে আপোনাক আপ্যায়ন কৰিব আপোনাৰ প্ৰিয় খাদ্য।

সমগ্ৰ দেশৰ ভিতৰতে পাল্কী ৰবটো অন্যতম আৰু প্ৰথম । ভাৰতৰ আন কোনো ৰেষ্টোৰাত ৰবটে আপ্যায়ন কৰাৰ সুবিধা প্ৰতক্ষ্য কৰা নাছিল । তাৰবাবে " পাল্কী" নামৰ এই ৰবটোৱে জনসাধাৰণৰ মাজত তীব্ৰ কৌতুহলৰ সৃষ্টি কৰিছে । এনে এটা ৰবট নিৰ্মাণ কৰোঁতে ২ লাখ টকা প্ৰয়োজন হৈছে বুলি প্ৰকাশ কৰিছে স্বত্বাধিকাৰ ফাৰিডে ।

পাল্কী নামৰ এই ৰবটোৱে গ্ৰাহকক আপ্যায়ন কৰাব শিলপুখুৰীৰ উৰুকা নামৰ ৰেষ্টোৰাখনত । এতিয়া উৰুকাত ভিৰ কৰিছে পাল্কী ৰবটোক প্ৰতক্ষ্য কৰিবলৈ ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com