Begin typing your search above and press return to search.

অৰ্জুন কাপুৰৰ পানিপত ছবিয়ে শনিবাৰে কৰিলে অদ্ভূত প্ৰদৰ্শন,কিমান আয় কৰিলে ছবি খনে

অৰ্জুন কাপুৰৰ পানিপত ছবিয়ে শনিবাৰে কৰিলে অদ্ভূত প্ৰদৰ্শন,কিমান আয় কৰিলে ছবি খনে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Dec 2019 12:27 PM GMT

অৰ্জুন কাপুৰৰ পানিপত ছবিয়ে শনিবাৰে কৰিলে অদ্ভূত প্ৰদৰ্শন,কিমান আয় কৰিলে ছবি খনে । ৬ ডিচেম্বৰ তাৰিখে বলিউডৰ অভিনেতা অৰ্জুন কাপুৰ আৰু কৃতি ছেননৰ ছবি পানিপট সমগ্ৰ ভাৰতবৰ্ষৰ ছবি গৃহতে মুক্তি লাভ কৰিছে। ছবি খনকলৈ দৰ্শকৰ মাজত যথেষ্ট খিনি উৎসাহ দেখা পোৱা গৈছে। সমানে সমানে কাৰ্তিক আৰয়নৰ পতি পত্নী অৰ ৱ' নামৰ ছবি খনো যথেষ্ট জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। শনিবাৰে অৰ্জুন কাপুৰৰ পানিপট নামৰ ছবি খনে ভাল আয় কৰা পৰিলক্ষিত হয় । শনিবাৰে পানিপটে ৫.০৭/৬ কোটি টকা আয় কৰা বুলি জানিব পৰা গৈছে।

অৰ্জুন কাপুৰৰ পানিপটে দুদিনৰ ১০ কোটি টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।‌এই ছবি খনত সঞ্জয় দত্তই ও অভিনয় কৰা দেখা গৈছে। তদুপৰি বহু সময় বিৰতিৰ পিছত আছুতোষ গোৱাৰিকেৰে তেওঁৰ এই ছবি খনৰ সহায়ত আকৌ এবাৰ ওলাই আহিছে ।

এই ছবি খনৰ ট্ৰেইলৰ মুক্তি লাভ কৰাৰ পাছতেই সমালোচনাৰ সন্মুখীন হৈছিল। তাৰ ওপৰত আছুতোষে কৈছিল যে, তেওঁ ভাৱে যে কিছুমান লোকে ছবি খন চোৱা অত্যন্ত জৰুৰী। কিয়নো ছবি খন চোৱাৰ পিছতহে তেওঁলোকে সকলো উত্তৰ পাব । ছবি খন চোৱা পিছতহে মানুহে উপলব্ধি কৰিব যে কি ভাল উদ্দেশ্য আগত ৰাখি ছবি খন নিৰ্মান কৰা হৈছে ।

এই ছবি খনত অৰ্জুন কাপুৰক এজন মাৰাঠী যোদ্ধাৰ ৰূপত দেখা গৈছে আৰু অভিনেত্ৰী কৃতি ছননক অৰ্জুন কাপুৰৰ পত্নীৰ‌ ৰূপত দেখা পোৱা গৈছে।‌ লগতে ছবি খনত সঞ্জয় দত্তক অৰ্জুন কাপুৰৰ শত্ৰু অৰ্থাৎ অহমদ শ্বাহ অব্দালীৰ ৰূপত দেখা গৈছে । সঞ্জয় দত্ত আৰু অৰ্জুন কাপুৰৰ চৰিত্ৰই ইতিমধ্যে দৰ্শকৰ যথেষ্ট সহাৰি লাভ কৰিছে ।

এই ছবি খনৰ নিৰ্দেশনা কৰিছে আছুতোষ গোৱাৰিকেৰে আৰু প্ৰযোজনা কৰিছে সুনীতা গোৱাৰিকেৰ আৰু লোহিত ছেহলটৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ছনী টিভিৰ ৰিয়েলিটী শ্ব’ দ্যা কপিল শৰ্মা শ্ব’ত উপস্থিত হ’ল ছলমান খান

ভিডিঅ প্ৰতক্ষ্য কৰক: RTI activist Dulal Bora arrested for allegedly blackmailing Motor Vehicle Inspector in Guwahati

Next Story
চাকৰি