১৩ টা ভাটৌ চৰাইক হাজিৰ কৰোৱা হল কোৰ্টত । কিন্তু কিয় ?

১৩ টা ভাটৌ চৰাইক হাজিৰ কৰোৱা হল কোৰ্টত । কিন্তু কিয় ?

১৩ টা ভাটৌ চৰাইক হাজিৰ কৰোৱা হল কোৰ্টত । কিন্তু কিয় ? বহু সময়ত কিছুমান আচৰিত ঘটনাই দৃষ্টি আকৰ্ষণ কৰে জনসাধাৰণৰ । বুধবাৰে দিল্লীৰ পাটিয়ালা হাউচ কোৰ্টত হাজিৰ কৰোৱা হল ১৩ টা ভাটৌ চৰাই । তাৰপিছত চৰাইকেইটাক মুকলি কৰি দিয়া হয় আৰু ওখলা চৰাই অভয়াৰণ্যলৈ প্ৰেৰণ কৰা হয় ।

দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ‌ পৰা এজন মানুহৰ‌ সৈতে এই ভাটৌ চৰাই কেইটা উদ্ধাৰ কৰিছিল ।

দৰাচলতে এজন বিদেশী নাগৰিকে ভাটৌ চৰাই কেইটা টাচকেন্টলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল । সৰবৰাহৰ সময়ত চি আই এচ এফে দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা কৰায়ত্ত কৰিছিল ভাটো চৰাইৰ সৈতে চৰাই সৰবৰাহী লোক জনক । চি আই এচ এফে যেতিয়া বিদেশী যাত্ৰীৰ বস্ত বাহিনীৰ পৰীক্ষা চলাইছিল তেতিয়া মানুহ জনৰ পৰা উদ্ধাৰ কৰিছিল ভাটৌ চৰাই কেইটা । চি আই এচ এফে কৰা সোধা পোছাত মানুহজনে কোনো ধৰনৰ সঠিক উত্তৰ দিব পৰা নাছিল । মানুহজনে ভাটৌ চৰাই কেইটা বেলেগ বেলেগ জোটাৰ বাকচৰ ভিতৰত লুকাৱাই নিয়াৰ চেষ্টা কৰিছিল । এই ঘটনাৰ পিছতেই কৰায়ত্ত কৰে চৰাই সৰবৰাহকাৰী বিদেশী নাগৰিক‌ জনক ।

source : internet

তথ্য অনুসৰি সৰবৰাহকাৰী জন উজবেকিস্তানৰ হয় ।

চৰাই সৰবৰাহ কাৰী বিদেশী নাগৰিক জনক কোৰ্টত হাজিৰ কৰোৱা হয় ।‌ লগতে মানুহজনক ন্যায়িক আদালতলৈ প্ৰেৰণ কৰে । অহা ৩০ অক্টোবৰলৈ ভাটৌ চৰাই সৰবৰাহ কাৰী বিদেশী নাগৰিক জনক ন্যায়িক আদালতত ৰখা হ'ব ।

এই গোচৰটোৰ কোৰ্টত প্ৰতিনিধিত্ব কৰে অধিবক্তা পি চি শৰ্মাই ।

এই সমগ্ৰ ঘটনাটোৱে টুইটাৰত যথেষ্ট জনপ্ৰিয়তা লাভ কৰে । লগতে বহুতে বিভিন্ন প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে এই ঘটনাটোৰ ওপৰত ।

কিছুদিন আগত এনেধৰনৰ আৰু এটা ঘটনা সংঘটিত হৈছিল ইউ এচ এত । ভাটৌ সৰবৰাহকাৰী ঘটনাটোৰ দৰে এইটো ঘটনাইও মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । ইউ এছ এৰ জন কিনডি বিমানবন্দৰত আটক হৈছিল এজন চৰাই সৰবৰাহকাৰী । মানুহজনে ৩৪ টা জীৱিত চৰাই সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল । সৰবৰাহকাৰী জনে চৰাই কেইটা নিজৰ বস্ত বাহিনীৰ মাজত লুকাই ৰাখিছিল আৰু তেওঁৰ পৰিকল্পনাক ৰূপায়ন কৰাৰ চেষ্টা কৰিছিল । জানিব পৰা মতে মানুহ জনে চৰাই কেইটা ডলাৰ হিচাপত ১০০,০০০ টকাৰ বাবদ এক সংগীত প্ৰতিযোগিতাৰ বাবে বিক্ৰী কৰাৰ চেষ্টা কৰিছিল ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Akhil Gogoi to Protest over Subansiri Dam Construction

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com