৩১ মাৰ্চৰ পূৰ্বে আধাৰ-পানৰ সংযোগ নকৰিলে ১০ হেজাৰ জৰিমণা

৩১ মাৰ্চৰ পূৰ্বে আধাৰ-পানৰ সংযোগ নকৰিলে ১০ হেজাৰ জৰিমণা

৩১ মাৰ্চৰ পূৰ্বে আধাৰ-পানৰ সংযোগ নকৰিলে ১০ হেজাৰ জৰিমণা

সাৱধান! অহা ৩১ মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড আৰু পানকাৰ্ডৰ সংযোগ নকৰিলে ভৰিব লাগিব ১০ হেজাৰ টকাৰ জৰিমণা। এই কঠোৰ সতৰ্কবাণী জাৰি কৰিছে আয়কৰ বিভাগে। আয়কৰ বিভাগে জাৰি কৰা শেহতীয়া এক নিৰ্দেশনাত কোৱা হৈছে অহা ৩১ মাৰ্চৰ পূৰ্বে আধাৰ কাৰ্ডৰ সৈতে সংযোগ নকৰা পানকাৰ্ডসমূহ বিকল হ’ব। কেৱল সেয়াই নহয়, ৩১ মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে পানকাৰ্ড সংযোগ নকৰাসকলক আয়কৰ বিভাগে ১০হেজাৰ টকাৰ জৰিমণা বিহিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। এই কথা সদৰী কৰি এক সূ্ত্ৰই জনোৱা মতে, অহা ৩১ মাৰ্চৰ পাছত বিকল হোৱা পানকাৰ্ডৰ গৰাকীসকলক আয়কৰ বিভাগৰ সংশ্লিষ্ট বিষয়াই বিচাৰি উলিয়াই এই জৰিমণা বিহিব। আয়কৰ আইনৰ ২৭২ বি ধাৰা অনুসৰি এনে জৰিমণা বিহাৰ ব্যৱস্থা কৰা হৈছে বুলি সূত্ৰটোৱে জনায়। আনহাতে, বিকল হোৱা এখন পানকাৰ্ড ব্যৱহাৰ কৰি কোনো ব্যক্তিয়েই বিত্তীয় লেনদেন কৰিব নোৱাৰিব। অৰ্থাত্ যিসমূহ লেনদেনত পানকাৰ্ডৰ প্ৰয়োজন হয়, তেনে লেনদেন এখন বিকল পানকাৰ্ডৰ জড়িয়তে কোনো ব্যক্তিয়েই সম্পন্ন কৰিব নোৱাৰিব। উল্লেখ্য যে আয়কৰ বিভাগে পানকাৰ্ড আৰু আধাৰকাৰ্ড সংযোগীকৰণৰ সময় ইতিমধ্যে অনেকবাৰ বৃদ্ধি কৰিছে। সেয়েহে এইবাৰ বান্ধি দিয়া অহা ৩১মাৰ্চৰ সময়সীমা কোনো কাৰণতে বৃদ্ধি কৰা নহয় বুলি বিভাগে এক বিবৃতিযোগে প্ৰকাশ কৰিছে।আনহাতে, শেহতীয়া তথ্য অনুসৰি সমগ্ৰ দেশৰ ১৭.৫৭ কোটি পানকাৰ্ড থকা লোকে বৰ্তমানেও পানকাৰ্ডৰ সৈতে আধাৰকাৰ্ডৰ সংযোগ কৰা নাই। অৱশ্যে চলিত বৰ্ষৰ ২৭ জানুৱাৰীলৈকে ৩০.৭০ কোটি লোকে পানকাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ সংযোগ কৰে। সম্প্ৰতি আয়কৰ বিভাগে এই কথাও স্পষ্ট কৰি দিছে যে অহা ৩১ মাৰ্চৰ পাছত যিসকল ব্যক্তিয়ে আধাৰ কাৰ্ডৰ সৈতে পানকাৰ্ড সংযোগ কৰিব, তেওঁলোকৰো পানকাৰ্ড বিকল হ’ব।

কেনেদৰে সংযোগ কৰিব আধাৰকাৰ্ড-পানকাৰ্ডঃ

আধাৰ কাৰ্ডৰ সৈতে পানকাৰ্ড সংযোগীকৰণৰ বাবে এজন ব্যক্তিয়ে আয়কৰ বিভাগৰ ই-ফাইলিং ৱেবছাইট চাব লাগিব। লগ-ইন কৰি অথবা লগ-ইন নকৰাকৈও এই ৱেবছাইটত এজন ব্যক্তিয়ে আধাৰকাৰ্ডৰ সৈতে পান কাৰ্ড সংযোগ কৰিব পাৰিব। ইপিনে, ডিজিটেলাইজেচন প্ৰক্ৰিয়াৰ অংশস্বৰূপে আয়কৰ বিভাগে ই-পানকাৰ্ড আৱণ্টনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।পানকাৰ্ড থকা ব্যক্তিসকললৈ বিভাগে ই-পানকাৰ্ড প্ৰেৰণৰ কাম আৰম্ভ কৰিছে। সম্প্ৰতি এজন ব্যক্তিয়ে যদি নতুন পানকাৰ্ডৰ বাবে আবেদন জনায়, তেন্তে তেওঁক আয়কৰ বিভাগে ই-পানকাৰ্ড প্ৰদান কৰিব। এই ই-পানকাৰ্ডৰ বাবে কোনোধৰণৰ মাচুল আদায় দিব নালাগে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Fans of Zubeen Garg prays for his early recovery in Gohpur, Watch here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com