Begin typing your search above and press return to search.

দৰ্শকে আদৰি ললে অসমীয়া ছবি আমিষ , যথেষ্ট সহাৰি লাভ

দৰ্শকে আদৰি ললে অসমীয়া ছবি আমিষ , যথেষ্ট সহাৰি লাভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Nov 2019 11:43 AM GMT

দৰ্শকে আদৰি ললে অসমীয়া ছবি আমিষ , যথেষ্ট সহাৰি লাভ ।তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কথানদীৰ নিৰ্দেশক ভাস্কৰ হাজৰিকাৰ আমিষ ছবি খন প্ৰদৰ্শন কৰা হয় । এই ছবি খন প্ৰেমৰ আধাৰত ৰচিত হৈছে । এই ছবি খনত খাদ্য আৰু প্ৰেমৰ অন্যতম নিদৰ্শন দাঙি ধৰিছে । তাৰোপৰি এই ছবিখনত দুজন লোকৰ‌ মাংসৰ প্ৰতি ইচ্ছা দৰ্শোৱাৰ‌ উপৰিও প্ৰেমৰ এক গভীৰ ৰূপ দেখুওৱা হয়। এই ছবিখন দৰ্শকে যথেষ্ট খিনি আদৰি লৈছে ।

তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আমিষ ছবিখনে দৰ্শকৰ যথেষ্ট খিনি সমাদাৰ লাভ কৰে ।‌ গুৱাহাটী বিশ্ববিদ্যালয় , কটন বিশ্ববিদ্যালয়ৰ লগতে আন বহুতো প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী সকলে আমিষ ছবি খন উপভোগ কৰিবলৈ ঘন্টা ঘন্টা ধৰি ৰৈ থকা দেখা যায় । কিন্তু তাৰ মাজতে কিছুমান লোকে অসন্তুষ্টিও প্ৰকাশ কৰে কিয়নো বহু সময় ধৰি ৰৈ থকা পিছতো প্ৰায় ৪০০/৫০০ জন মান লোকে আসনৰ সংখ্যা কম হোৱা হেতুকে ছবিখন উপভোগৰ পৰা বঞ্চিত হয় ।‌ তাৰোপৰি বহু লোকে তলত বহিয়েই ছবিখন উপভোগ কৰে ।

ছবিখনৰ পৰিচালক শ্যাম বৰাই কয় যে যদিহে আৰু বেছি লোকক ছবিখন চোৱাৰ বাবে সমন্বিত কৰিব পাৰিলে হয় । তাৰোপৰি এই ছবিখন অতি সোনকালেই চিনেমা ঘৰত দেখিবলৈ পোৱা যাব , গতিকে পৰিচালক জনে দৰ্শকৰ পৰা এই একেই আদৰৰ আশা কৰে ।

আমিষৰ নিৰ্দেশক ভাস্কৰ হাজৰিকাই কয় যে এই ছবিখন ২২ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰিব। লগতে কয় যে বৰ্তমান অসমক বহুতো বানিজ্যিক ছবিয়ে প্ৰসাৰতা লাভ কৰিছে আৰু ইয়াৰ দ্বাৰা ছবি জগতৰ বহুতো লোকক প্ৰেৰণ লাভ কৰাত সহায় কৰে ।

তাৰোপৰি ছবিখন উপভোগ কৰা দৰ্শকৰ মাজৰে এজনে কয় যে এনেকুৱা ছবি আগতে অসমত নিৰ্মাণ হোৱা নাই । আমিষে এক এনেকুৱা কাম কৰিলে যি কোনোৱে কেতিয়াও আশা কৰা নাছিল। এই‌ ছবি খন সকলোৱে অতি আনন্দৰে উপভোগ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: মুখ্যমন্ত্ৰী সোনোৱালে মুকলি কৰিলে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

ভিডিঅ প্ৰতক্ষ্য কৰক:Dilapidated Road Conditions under Borsola Constituency in Sonitpur

Next Story
চাকৰি