Begin typing your search above and press return to search.

২০২৪ চনৰ ভিতৰত প্ৰতিটো পৰিয়ালে খোৱা পানী লাভ কৰাটো নিশ্চিত কৰকঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

২০২৪ চনৰ ভিতৰত প্ৰতিটো পৰিয়ালে খোৱা পানী লাভ কৰাটো নিশ্চিত কৰকঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Oct 2019 4:34 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত মন্তব্য কৰে যে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ তম জয়ন্তী উপলক্ষে সমগ্ৰ ভাৰত বৰ্ষতে নৰেন্দ্ৰ মোডীৰ বলিষ্ঠ পদক্ষেপে স্বচ্চতাৰ কাৰণে প্ৰতি গৰাকী নাগৰিকে দৃঢ়তা প্ৰদৰ্শন কৰিছে। মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু স্বচ্চ ভাৰত অভিযানে আয়োজন কৰা স্বচ্ছ মহোৎসৱ ২০১৯ ত ভাষণ প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

সৰ্বানন্দ সোনোৱালে লগতে কয় যে জাতিৰ পিতাই ভাৰতবৰ্ষক ৰাম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল ৷দেশখনৰ সকলো শ্ৰেনীৰ ৰাইজে সন্মান সহকাৰে জীয়াই থকা,মৰ্যাদা সহকাৰে উপাৰ্জন কৰা,সামাজিক নিৰাপত্তা আদি হোৱাটো বিচাৰিছিল ।প্ৰধানমন্ত্ৰী মোডীয়ে দেখুৱাই যোৱা পথেদি ৰাজ্য চৰকাৰে বিগত ৩ বছৰত ৩৪ লাখ শৌচাগাৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে ।

লগতে অসমৰ জনসাধাৰণৰ সহযোগিতাৰ কাৰণে এইয়া সম্ভৱ হৈছে বুলি মন্তব্য কৰে সৰ্বানন্দ সোনোৱালে। প্ৰধানমন্ত্ৰীৰ জল জীৱন মিশ্যনৰ লক্ষ্যৰে প্ৰতিটো পৰিয়ালে যাতে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱাপানী লাভ কৰিব পাৰে সেইটো জনস্বাস্থ্য কাৰিকৰী বিভাগে নিশ্চিত কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে চতুৰ্দশ বিত্ত আয়োগৰ পুজিৰ যাতে সঠিক ব্যৱহাৰ হয় সেই দিশত বিশেষ ভাৱে দৃষ্টি ৰাখিবলৈ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত শাসনলৈ আহোতে ভাষণ প্ৰসংগত স্বচ্চ অভিযানৰ বিষয়ে মন্তব্য কৰিছিল। আৰু সম্প্ৰতি সেই স্বচ্ছ ভাৰত অভিযান এক আন্দোলনলৈ পৰিণত হৈছে। মুখ্যমন্ত্ৰী সোনোৱালে লগতে কয় যে যদি স্বচ্ছ ভাৰত অভিযান বৃক্ষ ৰোপন,যোগ,জল সংৰক্ষণ,প্লাষ্টিক প্ৰতিবন্ধ আদিৰ মাধ্যমেৰে পালন কৰা হয় তেন্তে ভাৰতবৰ্ষ বিশ্বৰ কাৰণে আদৰ্শত পৰিণত হ’ব। উল্লেখ্য যে এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তুনু ভৰালী,দিছপুৰ বিধায়ক অতুল বৰা উপস্থিত আছিল।

লগতে মুখ্যমন্ত্ৰী সোনোৱালে খেলুৱৈ সকলক একাগ্ৰতাৰে আগবাঢ়ি যাবলৈ কোৱাৰ লগতে দেশৰ কাৰণে গৌৰৱ কঢ়িযাই আনিবলৈ আহ্বান কৰে ৷ড° ভূপেন হাজৰিকাৰ গীতত থকাৰ দৰে সমগ্ৰ বিশ্ব এখন খেল পথাৰ ৷যুৱ প্ৰজন্মই সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি ক্ৰীড়াক জীৱনৰ অংশ হিছাপে ল’ব লাগে। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

অন্য খবৰৰ বাবে পঢ়ক: কলাইগাঁও বাসীৰ সপোন বাস্তৱায়িত, জাতিৰ পিতাৰ প্ৰতিমূৰ্ত্তি উন্মোচন ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Two storeyed Durga Temple inaugurated at Kharupetia in Darrang

Next Story
চাকৰি