Begin typing your search above and press return to search.

চুৰি গহনা পিন্ধি ফেচবুকত ফটো দিয়া দম্পতি এতিয়া ৰঙা ঘৰৰ আলহী

চুৰি গহনা পিন্ধি ফেচবুকত ফটো দিয়া দম্পতি এতিয়া ৰঙা ঘৰৰ আলহী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2019 10:45 AM GMT

গহনা পিন্ধি ফেচবুক ফটো দিয়াৰ পাছতে ৰঙা ঘৰৰ আলহী হ'ল এহাল দম্পতি । কাৰণ গহনা খিনি চুৰি আছিল । এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত । ঝাৰখণ্ডৰ চেৰাইকেলা-খাৰশ্বাৱান জিলাত দেওবাৰে ৰেখা বক্ষ্মা আৰু সুনীল বক্ষ্মা নামৰ দম্পতিক আৰক্ষীয়ে আটক কৰিছে। ৰেখা বক্ষ্মায়ে পৰিধান কৰা গহনা খিনি চুৰি গহনা বুলি অভিযোগ কৰিছিল এগৰাকী মহিলায়ে। এই গহনা খিনিৰ মুল্য ৫ লাখ টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল ।

গামহাৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালৰামপুৰত আৰতি দেৱী নামৰ এগৰাকী মহিলাৰ ঘৰত ৫ জুনত পুজা পাতিছিল। নিশা ১০ বজাত আৰতি দেৱীৰ অট্টালিকাৰ গ্ৰাউণ্ড ফ্লৰত বসবাস কৰা ৰেখা বক্ষ্মা আৰু সুনীল বক্ষ্মা তেওঁলোকৰ ঘৰলৈ আহিছিল । পূজাৰ পিছত আৰতি দেৱীয়ে তেওঁৰ গহনা খিনি বেগ এটাত থৈ গা-ধোৱা ঘৰলৈ যায় । সেই সময়তে ৰেখা ব্ৰক্ষ্মা তেওঁৰ ঘৰলৈ আহে কিন্তু আৰতিয়ে তেওঁক পিছত আহিবলৈ কলে । কিন্তু আৰতি য়ে পিছত তেওঁৰ গহনা খিনি বিচাৰি নাপাই । " বুলি সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে প্ৰকাশ কৰে ।

লগতে আৰক্ষীয়ে প্ৰকাশ কৰে যে, আৰতি দেৱীয়ে পিছত ৰেখাৰ ঘৰলৈ গহনা খিনিৰ সন্দৰ্ভত বিচাৰি গৈছিল কিন্তু তেওঁ একো নাজানে বুলি প্ৰকাশ কৰাৰ লগতে আৰতি দেৱীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলি প্ৰকাশ কৰে । তাৰ পাছতে ৰেখা আৰু সুনীল বক্ষ্মায়ে সেই ঘৰ এৰি বেলেগ ঘৰ লয় । কিন্তু কেইদিনমানৰ আগত আৰতি দেৱীয়ে ফেচবুকত ৰেখা আৰু সুনীলৰ ফটো প্ৰতক্ষ্য কৰে । ফটোত ৰেখায়ে পৰিধান কৰা গহনা খিনি আৰতিৰ হেৰুৱা গহনা বুলি নিশ্চিত কৰে গোচৰ ৰুজু কৰে ।

তাৰ পাছতে আৰক্ষীৰ এটা দল সুনীলৰ বাসগৃহত উপস্থিত হৈ গহনা খিনি উদ্ধাৰ কৰে । সোন খিনি ৯০ গ্ৰামৰ আৰু বজাত ইয়াৰ মুল্য প্ৰায় ৩ লাখ টকা । আৰক্ষীয়ে প্ৰকাশ কৰে যে , প্ৰথমতে চুৰি গহনা সদৃশ গহনা বনাই লৈছিল বুলি প্ৰকাশ কৰিছিল আৰক্ষীক, কিন্তু তেওঁলোকৰ ঘৰত তালাচী চলাই চুৰি গহনা খিনি উদ্ধাৰ কৰে আৰক্ষীয়ে ।তাৰ পাছতে ৰেখা বক্ষ্মা আৰু সুনীল বক্ষ্মা নামৰ দম্পতিক আৰক্ষীয়ে আটক কৰিছে। এই গহনা খিনিৰ মুল্য ৫ লাখ টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল ।

অধিক খবৰৰ বাবে পঢ়ক: পাঞ্জাবাৰীত মাতৃ কন্যাক চুৰিকাঘাত: মাতৃৰ মৃত্যু, কন্যাৰ অবস্থা সংকটজনক

Next Story
চাকৰি