Begin typing your search above and press return to search.

আন যুৱতীৰ ওপৰত চকু! প্ৰেমিকায়ে মুৰত মাৰিলে লেপটপ

আন যুৱতীৰ ওপৰত চকু! প্ৰেমিকায়ে মুৰত মাৰিলে লেপটপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 July 2019 11:54 AM GMT

আপোনাৰ প্ৰেমিকে যদি বেলেগ ছোৱালীক চকু দিয়ে কি কৰিব আপুনি ? নিশ্চয় কাজিয়া লাগিব? নামাতিব ? অথবা কি কৰিব । কিন্তু লেপটপ মাৰিব জানো? বিমানত এনে এক চাঞ্চ্যলৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়। নিজৰ প্ৰেমিকে আন যুৱতীৰ ওপৰত চকু দিয়াৰ পাছতে খঙাল প্ৰেমিকায়ে ৰুদ্ৰ মূৰ্তি ধাৰন কৰি প্ৰেমিকৰ মূৰত লেপটপৰে আক্ৰমণ কৰে।

বিমান খনৰ এই ঘটনা বৰ্তমান ভাইৰেল হৈ পৰিছে । বৰ্তমানলৈকে ৪ মিলিয়নৰ লোকে প্ৰত্যক্ষ কৰিছে ভিডিঅটো । আমেৰিকান এয়াৰ লাইনত সংঘটিত এই কাজিয়া এতিয়া সৰ্বতে চৰ্চিত । সকলো লোকৰ সন্মুখতে প্ৰেমিক প্ৰেমিকায়ে লগা এই কাজিয়া খনে সকলোকে সমান্তৰালকৈ আমোদো দিয়ে ।

প্ৰেমিকায়ে প্ৰেমিকক কয়, " তুমি বেলেগ ছোৱালীলৈ চাবলৈ চেষ্টা কৰিছা? " তাৰ পাছত খঙত নিজৰ জ্ঞান হেৰুৱাই পেলাই । দেওবাৰে পিছবেলা মিয়ামি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এই ঘটনা সংঘটিত হয় ।

বিমান বন্দৰৰ কতৃপক্ষয়ে প্ৰেমিক প্ৰেমিকাৰ কাজিয়া বন্ধ কৰিবলৈ কয় । লগতে কয় বিমান খনত শিশুও আছে সেয়ে এনে কাজিয়া বন্ধ কৰক । কিন্তু প্ৰেমিকা আৰু প্ৰেমিকে কাজিয়া অব্যাহত ৰাখে ।

তাৰ পাছতে প্ৰেমিকে নিজৰ আসনৰ পৰা উঠি যোৱাৰ সময়তে প্ৰমিকায়ে মাৰি মাৰি উঠি যায় প্ৰেমিকায়ে। তাৰ পাছত প্ৰেমিকায়ে লেপটপটো প্ৰেমিকৰ মূৰত মাৰি দিয়ে। তাৰ পিছত প্ৰেমিক পৰি যায় ।

তাৰ পাছতে প্ৰেমিক আৰু প্ৰেমিকা দুয়োকে বিমানৰ পৰা নামি যাবলৈ কয় কৰ্তৃপক্ষয়ে । ইয়াৰ বাবে বিমান খন বহু সময় পলমকৈ যাত্ৰা কৰে ।

অধিক খবৰৰ বাবে পঢ়ক: সন্দেহৰ বশৰ্ৱতী হৈ প্ৰেমিকে হত্যা কৰিলে প্ৰেমিকাক

Next Story