Begin typing your search above and press return to search.

ল’কডাউন দীঘলীয়া হোৱাৰ পূৰ্ণ সম্ভাৱনাঃ আজি নিশা আঠ বজাত দেশবাসীক পুনৰ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

ল’কডাউন দীঘলীয়া হোৱাৰ পূৰ্ণ সম্ভাৱনাঃ আজি নিশা আঠ বজাত দেশবাসীক পুনৰ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 April 2020 9:11 AM GMT

ল’কডাউন দীঘলীয়া হোৱাৰ পূৰ্ণ সম্ভাৱনাঃ আজি নিশা আঠ বজাত দেশবাসীক পুনৰ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

কৱিড-১৯মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা দেশজোৰা তলাবন্ধ বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে ৷ এই মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা তথা ২৯০জন লোকৰ মৃত্যু হোৱা আৰু ছয় সহস্ৰাধিক আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ল’ক ডাউন বৃদ্ধিৰ সম্ভাৱনা প্ৰকট হৈছে ৷ পূৰ্বে ঘোষিত ২১দিনীয়া ল’ক ডাউনৰ ম্যাদ অহা ১৪এপ্ৰিলত অন্ত পৰিব ৷ তাৰ পাছত ল’ক ডাউনৰ ম্যাদ পুনৰ বৃদ্ধিৰ সম্ভাৱনা আছে ৷ আজি নিশা প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক উদ্দেশি ভাষণ দিব ৷ এই ভাষণৰ সময়ত তেওঁ ল’ক-ডাউনৰ ম্যাদ বৃদ্ধিৰ কথা ঘোঘণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ উল্লেখ্য যে ইতিমধ্যে পঞ্জাৱ আৰু ওড়িছা চৰকাৰে অহা ৩০ এপ্ৰিললৈকে লক ডাউন বৃদ্ধি কৰিছে ৷ আজি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত মিলিত হয় ৷ তাৰ পাছতে তেওঁ দেশবাসীক উদ্দেশি নিশা আঠ বজাত ভাষণ দিব বুলি ঘোষণা কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক: ল’ক ডাউন অবিহনে ভাৰতত আঠ লক্ষাধিক হ’লহেতেঁন ক’ৱিড আক্ৰান্তঃ বৈদেশিক মন্ত্ৰালয়

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি