Begin typing your search above and press return to search.

ক’ৰ’না বিভীষিকাঃ নিশা ১২ বজাৰ পৰা ১৪ এপ্ৰিললৈ দেশত তলাবন্ধ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

ক’ৰ’না বিভীষিকাঃ নিশা ১২ বজাৰ পৰা ১৪ এপ্ৰিললৈ দেশত তলাবন্ধ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 March 2020 3:58 PM GMT

ক’ৰ’না বিভীষিকাঃ নিশা ১২ বজাৰ পৰা ১৪ এপ্ৰিললৈ দেশত তলাবন্ধ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

আজি নিশা ১২ বজাৰ পৰা দেশত ২১ দিনৰ বাবে সম্পূৰ্ণ তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সমগ্ৰ বিশ্বজুৰি ক’ৰ’না মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে কিছু সময় আগতে দেশৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশজুৰি ঘোষণা কৰিলে লক-ডাউন। আজি নিশা তেওঁ দেশবাসীক উদ্দেশি ক’ৰ’না মহামাৰীক লৈ দ্বিতীয়বাৰৰ বাবে বক্তব্য আগবঢ়ায়। এই ভাষণৰ সময়ত তেওঁ অহা ১৪ এপ্ৰিললৈকে সমগ্ৰ দেশব্যাপি তলাবন্ধ ঘোষণা কৰে। এই সময়ছোৱাত জৰুৰী সেৱাৰ কৰ্মীসকলৰ বাহিৰে আন লোকক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনাই তেওঁ কয়, “ মই হাত যোৰ কৰি আপোনালোকক অনুৰোধ জনাইছো আপোনালোক এই ২১ দিনৰ বাবে ঘৰৰ পৰা নোলাব’।এই দীৰ্ঘদিনজোৰা তলাবন্ধৰ ফলত দেশ ক্ষতিৰ সন্মুখীন হ’ব যদিও জনতাৰ প্ৰাণৰক্ষা বাবে এনে কাৰ্যসূচী ঘোষণাৰ গত্যন্তৰ নাই বুলি ভাষণত মোদীয়ে ইংগিত দিয়ে।

উল্লেখ্য যে ভাৰতত এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি ৫০০ জনতকৈও অধিক হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে এই দেশজোৰা তলা বন্ধ কাৰ্যসূচী ঘোষণা কৰে।

ভাষণত তেওঁ দেশবাসীক আতংকিত নহ'বলৈও আহ্বান জনায় । অৱশ্যে এই তলাবন্ধৰ সময়ছোৱাত জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাসমূহ বন্ধ নহয়। খাদ্য-সামগ্ৰীৰ দোকান, পেট্ৰল পাম্প আদি খোলা থাকিব।

।আনহাতে, এই নিষেধাজ্ঞা পালন নকৰিলে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে মোদীয়ে।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মহামাৰী: প্ৰায় সমগ্ৰ দেশজুৰি লক-ডাউন, এতিয়ালৈকে ১০ জনৰ মৃত্যু

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

Next Story
চাকৰি