

দেশত তিনি মে’লৈ বৃদ্ধি তলাবন্ধঃ প্ৰধানমন্ত্ৰীৰ ঘোষণা
অহা তিনি মে’লৈ বৃদ্ধি পালে তলাবন্ধ। ৰাষ্ট্ৰক উদ্দেশি মঙলবাৰে পুৱা ১০ বজাত দিয়া ভাষণত এই কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি পূৰ্বে ঘোষিত ২১ দিনীয়া তলাবন্ধ অন্ত পৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উদ্দেশি আজি পুনৰ ভাষণ দিয়ে। ভাষণৰ সময়ত তেওঁ দেশবাসীয়ে অনেক অসুবিধাৰ মাজতো তলাবন্ধলৈ ইতিবাচক সঁহাৰ্ জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তলাবন্ধৰ কাৰ্যসূচী ঘোষণা কৰা তথা ভাৰতে সু-সংঘবদ্ধ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিততহে ক’ৰ’না মহামাৰীৰ বিভীষিকা তুলনামূলকভাবে আন বহু দেশৰ তুলনাত প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি মোদীয়ে লগতে কয়,“ এটা সময়ত আন কেইবাখনো দেশৰ অৱস্থা আমাৰ দৰে আছিল। কিন্তু এই দেশবোৰৰ অৱস্থা আজি ভাৰততকৈ বহুগুণে বেয়া। আমাৰ অৱস্থা বেয়াৰ ফালে ঢাল নোখোৱাৰ কাৰণ হল আমি গ্ৰহণ কৰা সংহত ব্যৱস্থা”।তলাবন্ধৰ নীতি-নিয়ম দেশবাসীক আখৰে আখৰে মানি চলিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়,“ তলাবন্ধৰ নীতি-নিয়ম সকলোকে মানি চলিবলৈ মই দেশবাসীক কৰযোৰে অনুৰোধ জনাইছো। ক’ৱিডৰ ৰম্যপুৰী অধিক বৃদ্ধি পাবলৈ দিব নোৱাৰি। ২০ এপ্ৰিলৰ পাছত তলা বন্ধৰ নিষেধাজ্ঞা শিথিলৰ কথা চিন্তা কৰা হব”। ভাষণত মোদীয়ে সংবিধান প্ৰণেতা বাবাচাহেব আম্বেদকাৰলৈও প্ৰণাম জনায়।
অন্য খবৰৰ বাবে পঢ়ক: দেশত কোৰোনা আক্ৰান্তৰ সংখ্যা ৮৩৫৬ জন,বিগত ২৪ ঘন্টাত ৩৪ জনৰ মৃত্যু