Begin typing your search above and press return to search.

 ছপা মাধ্যমক জনতাৰ মাজত সজাগতা সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

 ছপা মাধ্যমক জনতাৰ মাজত সজাগতা সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2020 7:26 AM GMT

ছপা মাধ্যমক জনতাৰ মাজত সজাগতা সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

মঙ্গলবাৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে দ্বিতীয়বাৰৰ বাবে ক’ৰ’না ভাইৰাছ সংক্ৰান্তত দেশবাসীক সম্বোধন কৰে। মোদীয়ে ছপা মাধ্যমক উদ্দেশি কয় যে ছপা মাধ্যমে ক’ৰ’না ভাইৰাছ সংক্ৰান্তত চৰকাৰ আৰু জনতাৰ মাজত সম্পৰ্ক ৰক্ষা কৰে আৰু সজাগত সৃষ্টিত মহত্বপূৰ্ণ ভূমিকা পালন কৰে।

মোদীয়ে ছপা মাধ্যমৰ প্ৰতিনিধিসকলক চৰকাৰ আৰু জনতাৰ মাজত যোগসূত্ৰ হিচাপে কাম কৰি যাবলৈ আহ্বান জনায়। মোদীয়ে দেশৰ ২০ জনতকৈ অধিক সাংবাদিক আৰু ছপা মাধ্যমৰ সদস্যৰ সৈতে ভিডিঅ কলৰ সহায়ত মত বিনিময় কৰি ক’ভিড-১৯ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়।‌

“ বাতৰি কাকতে জনসাধাৰণৰ মাজত এক বিশেষ স্থান অধিকাৰ কৰি আছে । বাতৰি কাকতত বিভিন্ন লেখাৰ মাধ্যমেৰে জনতাৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনাইছো।এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

তেওঁ কোৰোনা‌ ভাইৰাছৰ পৰীক্ষকেন্দ্ৰ সম্পৰ্কে লোকসকলক চিনাক্তকৰণ আৰু পৰীক্ষা কৰিবৰ বাবে কেনেদৰে যোগাযোগ

কৰিব লাগে, ঘৰতে একাষৰীয়া কিদৰে হৈ থাকিব লাগে সেই সম্পৰ্কেও বক্তব্য আগবঢ়ায়। এনে সজাগতা বাতৰি কাকত আৰু ৱেব পৰ্টেলৰ মাধ্যমেৰে সৃষ্টি কৰিবলৈ তেওঁ আহ্বান জনায়। ইয়াৰ পূৰ্বে তেওঁ ইলেক্ট্ৰ’নিক মাধ্যমৰ প্ৰতিনিধিৰ সৈতেও সাম্প্ৰতিক পৰিস্থিতিক লৈ ভিডিঅ কলিঙৰ মাধ্যমেৰে আলোচনাত মিলিত হয়।

লক-ডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা সম্পৰ্কীয় তথ্য বাতৰি কাকতৰ আঞ্চলিক পৃষ্ঠাসমূহত প্ৰকাশ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনায়।

তেওঁ লগতে ছপা মাধ্যমক সামাজিক দূৰত্ব বৰ্তাই ৰখা সম্পৰ্কে জনতাৰ মাজত সচেতনতা সৃষ্টি কৰিবলৈ আহ্বান জনায়।

মোদীয়ে জনতাক আশ্বাস প্ৰদান কৰে যে এই ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে সকলো প্ৰয়াস কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না বিভীষিকাঃ নিশা ১২ বজাৰ পৰা ১৪ এপ্ৰিললৈ দেশত তলাবন্ধ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

Next Story
চাকৰি