Begin typing your search above and press return to search.

ক’ৰ’না মহামাৰীঃ আজি নিশা আঠ বজাত পুনৰ দেশবাসীক সম্বোধন কৰিব মোদীয়ে

ক’ৰ’না মহামাৰীঃ আজি নিশা আঠ বজাত পুনৰ দেশবাসীক সম্বোধন কৰিব মোদীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 March 2020 11:06 AM GMT

ক’ৰ’না মহামাৰীঃ আজি নিশা আঠ বজাত পুনৰ দেশবাসীক সম্বোধন কৰিব মোদীয়ে

ক্ৰমে ভাৰততো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰা ক’ৰ’না মহামাৰীক লৈ আজি মঙলবাৰে পুনৰ দেশবাসীক উদ্দেশ্যি বিশেষ ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোৱা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে ক’ৰ’না মহামাৰী সম্পৰ্কত দেশবাসীক উদ্দেশ্যি প্ৰথমটো ভাষণ দিছিল। আজি পুনৰ তেওঁ নিশা আঠ বজাত দেশবাসীক উদ্দেশ্যি ভাষণ দিব।

https://twitter.com/narendramodi/status/1242323791436320768

উল্লেখ্য যে মোদীয়ে যোৱা বৃহস্পতিবাৰে দিয়া ভাষণত ক’ৰ’না ভাইৰাছৰ শৃংখল ভাঙি পেলোৱাৰ উদ্দেশ্য দেশবাসীক এক জনতা সান্ধ্য আইন পালন কৰিবলৈ আহ্বান জনায়। সেই অনুসৰি যোৱা দেওবাৰে পুৱা সাত বজাৰ পৰা নিশা ন বজালৈ দেশবাসীয়ে জনতা সান্ধ্য আইন পালন কৰে। আনহাতে, দেশত ক’ৰ’না মহামাৰীত আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত এই পৰ্যন্ত ১০জন লোকৰ মৃত্যু হৈছে। তদুপৰি চাৰি শতাধিক লোক আক্ৰান্ত হৈছে। এনে পৰিস্থিতিত চৰকাৰৰ নিদ্ৰাহৰণ হৈছে। ইপিনে, ভাৰতকে ধৰি বিশ্বৰ কমেও ১৮১খন দেশত ক’ৰ’না ভাইৰাছ বিয়পি পৰিছে। ইতিমধ্যে ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহে বিভিন্ন ব্যৱস্থা হাতত লৈছে। ইতিমধ্যে ‌ক’ৰ’না মহাব্যাধি নিয়ন্ত্ৰণৰ উদ্দেশ্য সম্পূৰ্ণ তলাবন্ধ (ল’ক ডাউন) ঘোষণা কৰিছে অসম চৰকাৰে ৷ ল’ক ডাউন ঘোষণাৰ বাবে উত্থাপিত ব্যাপক দাবীৰ পাছত সোমবাৰে এখন সংবাদ মেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সন্ধিয়া ছয় বজাৰ পৰা তলা বন্ধ ঘোষণা কৰে। সংবাদমেলত তেওঁ কয়, “ মঙ্গলবাৰে সন্ধিয়া ছয় বজাৰ পৰা ৩১ মাৰ্চলৈ সম্পূৰ্ণ তলা বন্ধ থাকিব। জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বন্ধ থাকিব ৷ শাক পাচলি - মাছ - মাংসৰ দোকানো বন্ধ থাকিব ।" মন্ত্ৰীজনে লগতে এই কথাও কয় যে তলা বন্ধৰ সময়ছোৱাত জনসাধাৰণৰ পথলৈ ওলাব নোৱাৰিব ।আনহাতে, মঙলবাৰে মাজনিশাৰ পৰা দেশৰ ভিতৰত চলাচল কৰা বিমানসমূহৰ যাত্ৰাও বন্ধ কৰা হৈছে৷ অৰ্থাৎ আজিৰ পৰা দেশৰ ভিতৰতো বিমান চলাচল বন্ধ হ’ব ৷ প্ৰাৰম্ভিক অৱস্থাত অহা ৩১মাৰ্চলৈকে এই বিমানসেৱা বন্ধ থাকিব ৷ এই কথা সদৰী কৰি দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি দেশৰ ভিতৰত চলাচল কৰি থকা বিমানসমূহে মঙলবাৰে নিশা ১১-৫৯বজাৰ ভিতৰত লক্ষ্যস্থানত উপস্থিত হ’ব লাগিব ৷ ইতিমধ্যে চৰকাৰে আন্তঃৰাজ্যিক বিমানৰ চলাচল বাতিল কৰিছে। লগতে ৰেল তথা আন পৰিবহনৰ ব্যৱস্থাও বন্ধ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

অন্য খবৰৰ বাবে পঢ়ক: ইটালীত আৱদ্ধ দুই শতাধিক ভাৰতীয় ছাত্ৰঃ দেশলৈ ঘূৰাই পঠিওৱাৰ দায়িত্বত অসমৰ গৌতম বৰঠাকুৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

Next Story
চাকৰি