Begin typing your search above and press return to search.

প্ৰায় ৪৫ নিযুত লাইকঃ ফে’চবুকত প্ৰধানমন্ত্ৰী মোদী বিশ্বৰে জনপ্ৰিয় নেতা

প্ৰায় ৪৫ নিযুত লাইকঃ ফে’চবুকত প্ৰধানমন্ত্ৰী মোদী বিশ্বৰে জনপ্ৰিয় নেতা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 April 2020 8:34 AM GMT

প্ৰায় ৪৫ নিযুত লাইকঃ ফে’চবুকত প্ৰধানমন্ত্ৰী মোদী বিশ্বৰে জনপ্ৰিয় নেতা। ব্যক্তিগত ফে’চবুক পেজত প্ৰায় ৪৫ নিযুত লাইকৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফেচবুকত বিশ্বৰ সকলোতকৈ জনপ্ৰিয় নেতা । বৃহস্পতিবাৰে এক অধ্যয়নত এই তথ্য প্ৰকাশ পায়। অধ্যয়নৰ তথ্যত এই কথাও কোৱা হয় যে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে অত্যধিক কথা-বতৰাত ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভাগ লয়।

শেহতীয়া ২০২০ চনৰ "world leader on Facebook" ৰ তথ্য অনুসৰি প্ৰায় ২৭ নিযুত লাইকৰ সহায়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্প ফে’চবুকৰ দ্বিতীয় গৰাকী জনপ্ৰিয় ব্যক্তি । লগতে জৰ্দানৰ ৰাণী ৰাণিয়া ১৬.৮ নিযুত লাইকৰ সহায়ত ফেচবুকৰ তৃতীয় গৰাকী জনপ্ৰিয় ব্যক্তি।

অৱশ্যে শেহতীয়া ভাৰত ভ্ৰমণৰ সময়চোৱাত ফেচবুকত ট্ৰাম্প ১ নম্বৰ স্থানত আছিল ।‌

এই সন্দৰ্ভত ট্ৰাম্পে টুইট কৰি লিখিছিল যে '' মহান সন্মান বুলি মই ভাবো। মাৰ্ক জুকাৰবাৰ্গে কৈছে যে 'ডোণাল্ড জে ট্ৰাম্প ফেচবুক এক নম্বৰত আছে । দ্বিতীয়তে আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী'। দৰাচলতে দুইসপ্তাহৰ বাবে ভাৰত গৈ আছো " ।

কিন্তু বৰ্তমান সময়ত ট্ৰাম্প ফেচবুকৰ দ্বিতীয় গৰাকী বিশ্ব জনপ্ৰিয় নেতা । এক অধ্যয়নৰ দ্বাৰা জানিব পৰা গৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে বিগত ১২ মাহৰ পৰা ৰাষ্ট্ৰপতি গৰাকী তেওঁৰ ফেচবুক পেজত প্ৰায় ৩০৯ মিলিয়ন লাইক, শ্বেয়াৰ আৰু মন্তব্যৰ সৈতে শীৰ্ষস্থানত আৰু তাৰ পিছতেই আছে ২০৫ মিলিয়ন ৰ সৈতে আছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বোচলনাৰো । বিগত ১২ মাহত প্ৰায় ৮৪ মিলিয়ন ইন্টাৰকছনৰ সহায়ত মোদী তৃতীয় স্থানত আছে ।‌

মোদীৰ অনুৰাগীৰ সংখ্যা ১.৭ মিলিয়ন পাইগৈ যত ফেচবুকত কেৱল ৩.৮ % প্ৰতিনিধিত্ব কৰে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ আছে ১০ মিলিয়ন অনুৰাগী। আৰু ট্ৰাম্পৰ হয়গৈ ৮৭৭,০০০ ।

অন্য খবৰৰ বাবে পঢ়ক: তলাবন্ধৰ ফলত হোৱা লোকচান জোৰা মৰাৰ চেষ্টাঃ তৎপৰ ভাৰতীয় চাহ ব’ৰ্ড

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story