উত্তৰ পূবক দক্ষিণ এছিয়াৰ দুৱাৰমুখ ৰূপে গঢ়ি তোলা হ’ব:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

উত্তৰ পূবক দক্ষিণ এছিয়াৰ দুৱাৰমুখ ৰূপে গঢ়ি তোলা হ’ব:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে উপস্থিত হয়গৈ থাইলেণ্ডত ৷ উপস্থিত হৈয়ে মোডীয়ে ভাষণ প্ৰসংগত মন্তব্য কৰে যে উত্তৰ পূবক দক্ষিণ এছিয়াৰ দুৱাৰমুখ ৰূপে গঢ়ি তোলা হ’ব ৷ইফালে থাইলেণ্ডত থকা ভাৰতীয় লোকসকলে উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৷ প্ৰধানমন্ত্ৰী মোডীয়ে থাইলেণ্ডৰ লগত পুৰণি ঘনিষ্ঠ,ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। লগতে মোডীয়ে কয় যে থাইলেণ্ডৰ লগত আমাৰ সম্পৰ্ক অতি পুৰণি ৷

দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰিবলৈ ভাৰত আগ্ৰহী ৷ ইফালে থাইলেণ্ডত বসবাস কৰা ভাৰতীয় লোকসকলক লগ পাই আনন্দ প্ৰকাশ কৰে মোডীয়ে ৷ আৰু থাইলেণ্ড আৰু ভাৰতৰ সম্পৰ্কই দেশ দুখনৰ বিকাশক এক গতি প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে মোডী ৷আনহাতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰসংগ ক্ৰমে এক্ট ইষ্ট পলিছী প্ৰসংগও উল্লেখ কৰে। বেংকক ফ্ৰেব্ৰুৱাৰীত হ’ব লগা নৰ্থ ইণ্ডিয়া ফেষ্টিভেলত ব্যৱসায়,পৰ্যটন,সংস্কৃতি,শিক্ষা আৰু ফেশ্যনৰ কথা উল্লেখ কৰি এইয়া এক্ট ইষ্ট পলিচিৰ এটি অংশ বুলি মন্তব্য কৰে মোডীয়ে ।

বিশ্ব বাণিজ্যত গুৰুত্বপূৰ্ণ শক্তি হৈ পৰা আছিয়ানৰ লগত ভাৰতে সম্পৰ্ক অধিক দৃঢ় কৰিবলৈ চেষ্টা চলাইছে ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মতে তেওঁৰ চৰকাৰৰ এক্ট পলিচিৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। ইফালে ৯ নৱেম্বৰত উদঘাটন হোৱা কাতাৰপুৰ কৰিডৰৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে শিখ ভাইসকলে কাতাৰপুৰ মন্দিৰ যাবলৈ ভাৰতলৈ আহিব পাৰে ৷

এই সময়তে দৰ্শকৰ মাজৰ পৰা "জো বলে চো নিহাল"ৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায় । লগে লগে মোডীয়ে শিখ সকলৰ বেছিভাগকে কাতাৰপুৰলৈ যাবলৈ অনুৰোধ কৰে । এই অনুষ্ঠানত ভগৱান বুদ্ধৰ প্ৰসংগ উত্থাপন কৰি মোডীয়ে কয় যে তেওঁৰ চৰকাৰে ভগবান বুদ্ধৰ উপাসনা কৰা স্থানসমূহৰ বিকাশ কৰিবলৈ যাৱতীয় ব্যৱস্থা কৰিছে । গতিকে ভগবান বুদ্ধৰ উপাসনা কৰা স্থান সমূহ দৰ্শন কৰিবলৈও সকলোকে আহ্বান কৰে ৷আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰত ম্যানমাৰ থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথটো সম্পূৰ্ণ হ’লে দুয়োখন দেশৰ মাজত যোগাযোগ অভাৱনীয়ভাৱে বৃদ্ধি পাব বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে থাইলেণ্ডত মোডীৰ এই ভাষণত চৰকাৰৰ বিভিন্ন আঁচনিয়েও ঠাই পায়।

ভিডিঅ প্ৰতক্ষ্য কৰক:Titabor Women staged massive protest against Micro Finance Companies

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com