Begin typing your search above and press return to search.

ল’ক-ডাউনঃ কাইলৈ পুৱা ১০বজাত পুনৰ দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

ল’ক-ডাউনঃ কাইলৈ পুৱা ১০বজাত পুনৰ দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 April 2020 9:27 AM GMT

ল’ক-ডাউনঃ কাইলৈ পুৱা ১০বজাত পুনৰ দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

বিভিন্ন ৰাজ্যই ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ বাবে ঘোষণা কৰা দেশজোৰা তলাবন্ধ(ল’ক ডাউন)বৃদ্ধিৰ বাবে জনোৱা আবেদনৰ সময়তে কাইলৈ, ১৪ এপ্ৰিলৰ পুৱা ১০বজাত প্ৰধানমন্ত্ৰীয়ে পুনৰ দেশবাসীক উদ্দেশি ভাষণ দিব ৷ উল্লেখ্য যে যোৱা শনিবাৰে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সিং বাৰ্তালাপত মিলিত হয় ৷ এই বাৰ্তালাপৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালসহ ১৩জন মুখ্যমন্ত্ৰীয়ে ল’ক-ডাউন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীক অনুৰোধ জনায় ৷ ইতিমধ্যে ওড়িছা আৰু পঞ্জাৱ চৰকাৰে অহা ৩০এপ্ৰিললৈকে ল’ক ডাউনৰ ম্যাদ বৃদ্ধি কৰিছে ৷ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২১দিনীয়া ল’ক-ডাউনৰ ম্যাদ কাইলৈ অৰ্থাৎ ১৪এপ্ৰিলত অন্ত পৰিব ৷ ইয়াকৈ লৈ উদ্বিগ্ন হৈ উঠিছে দেশৰ অগণন লোক ৷ কাৰণ ইতিমধ্যে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত মৃতৰ সংখ্যা ২৭০জন হৈছে আৰু আক্ৰান্তৰ সংখ্যা আঠ সহস্ৰাধিক হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক: দেশত কোৰোনা আক্ৰান্তৰ সংখ্যা ৮৩৫৬ জন,বিগত ২৪ ঘন্টাত ৩৪ জনৰ মৃত্যু

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি