Begin typing your search above and press return to search.

দোকানত চুৰি কাৰ্যৰ অপৰাধত আৰক্ষীয়ে আটক কৰিলে এটা ভাটো চৰাই

দোকানত চুৰি কাৰ্যৰ অপৰাধত আৰক্ষীয়ে আটক কৰিলে এটা ভাটো চৰাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2019 12:03 PM GMT

দোকানত চুৰি কাৰ্যৰ অপৰাধত আৰক্ষীয়ে আটক কৰিলে এটা ভাটো চৰাই । এটা ঘটনাই আচৰিত কৰি তুলিছে সকলোকে । এটা ভাটৌ চৰাইক আটক কৰে আৰক্ষীয়ে । সূত্ৰ অনুসৰি ভাটৌ চৰাইটোৰ মালিকে কৰা চুৰি কাৰ্যৰ সময়ত মালিকৰ কান্ধত আছিল ভাটৌ চৰাইটো ।আৰক্ষীয়ে চুৰি কাৰ্যৰ অপৰাধত মানুহ জনক আটক কৰাৰ লগতে ভাটৌ চৰাইটোক ও জেলত ভৰাই থয় । এয়া এক আচৰিত ঘটনা । এয়া আচৰিত ঘটনাটো সংঘটিত হয় নেদাৰলেণ্ড ( Netherland) ত ।

নেদাৰলেণ্ডৰ আৰক্ষী (Dutch police) য়ে আটক কৰে ভাটৌ চৰাইটোক । তাৰোপৰি নেদাৰলেণ্ড আৰক্ষীয়ে ইন্চটাগ্ৰামৰ জৰিয়তে আটক কৰা ভাটৌ চৰাইটোৰ ফটোও শ্বেয়াৰ কৰে । ফটো শ্বেয়াৰ কৰা একাউণ্টটো আৰক্ষীৰ অফিচিয়েল একাউণ্ট হয় । বন্দী ভাটৌ চৰাইটোৰ ফটো ইন্চটাগ্ৰামত শ্বেয়াৰ কৰাৰ লগতে খুহুতীয়া বাক্য লিখে যে , " আমি কিছু সময় পূৰ্বে এখন দোকানত চুৰি কাৰ্য সংঘটিত কৰাৰ অপৰাধত এজন ব্যক্তিক আটক কৰো । ব্যক্তি জনক আটক কৰা সময়ত অভিযুক্তৰ কাণ্ডৰ ওপৰত বহি থকা ভাটৌ চৰাইটোক ও আটক কৰিছো " । আৰক্ষীৰ মতে ভাটৌ চৰাইটোক জেলত ৰাখিবলৈ ৰাজি হৈছিল অভিযুক্ত জন ।

আৰক্ষীয়ে ( Dutch police ) শ্বেয়াৰ কৰা ফটোখনত দেখিবলৈ পোৱা গৈছে যে হালধীয়া আৰু সেউজীয়া ৰঙৰ ভাটৌ চৰাইটোৱে জেলৰ ভিতৰত বহি আছে । আৰক্ষীৰ ফালৰ পৰা ভাটো চৰাইটোক খাবৰ বাবে ব্ৰেড আৰু পানী দিছে । তাৰোপৰি আৰক্ষীয়ে কয় যে চৰাই ৰাখিবৰ বাবে কোনো ধৰনৰ সুবিধা আৰক্ষী চকী খনত নাই বাবে জেলৰ ভিতৰত ৰাখিব লগা হৈছে চৰাইটোক । লগতে ভাটৌ চৰাইটোৰ সম্পূৰ্ণ যত্ন লোৱা বুলি উল্লেখ কৰে আৰক্ষীয়ে ।

তাৰোপৰি এই পোষ্টটোক বহুতেই সমালোচনা কৰে । ভাটো চৰাইটোৰ ফটোখন ছোচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে ।

লগতে বহুতে এই পোষ্টটোৰ সমালোচনা কৰি কয় যে যদি কোনো ব্যক্তিয়ে হাহি ধেমালিৰ বাবে এই পোষ্ট শ্বেয়াৰ কৰিছে এয়া লঞ্চিত কৰিছে নেডাৰলেণ্ড আৰক্ষীক । লগতে ভাটো চৰাইটোক মুকলি কৰি দিবলৈও দাৱী জনায় ।

যি নহওক পৰৱৰ্তী সময়ত আৰক্ষী ( Dutch police ) য়ে অভিযুক্তৰ লগতে ভাটৌ চৰাইটোক মুকলি কৰি দিয়ে । লগতে আৰক্ষীয়ে আন এটা পোষ্ট লিখে । পোষ্টত আৰক্ষীয়ে কয় যে কোনো ধৰনৰ সোধা পোচা কৰা হোৱা নাই ভাটৌ চৰাইটোৰ লগত ।

অন্য খবৰৰ বাবে পঢ়ক: ডুবাইত ভ্ৰমন কৰি নোপোৱা এজন যুৱক , যিয়ে আবু ডুবাইত লাভ কৰিলে ২৩ কোটি টকা

ভিডিঅ প্ৰতক্ষ্য কৰক:Two youth charged with human trafficking in Haryana, Police Rescued Two

Next Story
চাকৰি