Begin typing your search above and press return to search.

গন সত্যাগ্ৰহ কাৰ্যসূচীত আছু নেতা সহ বহু প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ

গন সত্যাগ্ৰহ কাৰ্যসূচীত আছু নেতা সহ বহু প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Dec 2019 9:30 AM GMT

গন সত্যাগ্ৰহ কাৰ্যসূচীত আছু নেতা সহ বহু প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজিৰে পৰা আছুৱে তিনি দিনীয়া গন সত্যাগ্ৰহ কাৰ্যসূচীৰ আয়োজন কৰিছিল । আজিৰে পৰা আৰম্ভ হোৱা এই গনসত্যাগ্ৰহৰ প্ৰথম দিনটোতে আৰক্ষীয়ে আটক কৰে আৰু আছু নেতা সহ আন বহু প্ৰতিবাদকাৰীক ।

এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য আৰু সম্পাদক লুৰিণ জ্যোতি গগৈক আটক কৰে আৰক্ষীয়ে । লতাশিল খেলপথাৰৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ ৰাওনা হৈছিল প্ৰতিবাদী সমদলটোৱে । প্ৰতিবাদী সমদলটোক কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আটক কৰে আৰক্ষীয়ে। তাৰ পিছতেই প্ৰতিবাদ কাৰী সকলক দীঘলীপুখুৰী পাৰৰ অস্থায়ী কাৰ্যালয়লৈ লৈ যায় ।

প্ৰতিবাদকাৰী সকলে CAA বাতিল কৰা,নহয় আমাক গ্ৰেপ্তাৰ কৰক শ্ল'গানেৰে প্ৰতিবাদ কাৰ্যসূচী উত্তাল কৰি তোলে ।

আছুৰ সাধৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে কোনো কথাই এই গন সংগ্ৰামক ৰোধ কৰিব নোৱাৰে । যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰে তেতিয়ালৈকে আন্দোলন কৰি যাব বুলি কয় লুৰিণ জ্যোতি গগৈয়ে।

জানিব পৰা গৈছে যে আটক কৰাৰ কিছু সময় পিছতেই আৰক্ষীয়ে মুকলি কৰি দিয়ে সমুজ্জ্বল ভট্টাচাৰ্য সহ আন প্ৰতিবাদ কাৰী সকলক ।

অন্য খবৰৰ বাবে পঢ়ক : অগপৰ নগৰ শাখাই দলৰ শীৰ্ষ নেতা সকলক পদ ত্যাগ কৰাৰ দাবী কৰে

ভিডিঅ প্ৰতক্ষ্য কৰক : Students boycott exams in Bongaigaon opposing Citizenship (Amendment) Bill

Next Story
চাকৰি