অসম আৰক্ষীৰ পোচাকযোৰত বহু শক্তি আৰু দায়িত্ব আছে

অসম আৰক্ষীৰ পোচাকযোৰত বহু শক্তি আৰু দায়িত্ব আছে

অসম আৰক্ষীয়ে জনসাধাৰণৰ মাজত অনুকৰণীয় সেৱা প্ৰদান কৰি আহিছে ৷ অসম আৰক্ষীৰ পোচাকত বহু শক্তি আৰু দায়িত্ব আছে। তেওঁলোকে পোছাৰযোৰ পৰিধান কৰোঁতে যি শপত লয় ৷ সেয়া ভৱিষ্যতৰ যিকোনো পৰিস্থিতিৰ কাৰণে বাহাল ৰাখিব লাগে । লগতে অসম আৰক্ষীৰ প্ৰত্যেকজন কৰ্মীয়ে তেওঁলোকৰ পোচাকত দাগ লগা যিকোনো কামৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। চলিত বৰ্ষৰ মংগলবাৰে কাহিলীপাৰাত অনুষ্ঠিত অসম আৰক্ষী দিৱসত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

আৰক্ষী আৰু জনসাধাৰণৰ মাজত বন্ধুত্ব পূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈ সততে চৰকাৰে বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। তথাপিও আৰক্ষীৰ পোচাকযোৰ পৰিধান কৰা ব্যক্তি দেখিলেই ভয় কৰে জনতাই৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে কিছুদিন পূৰ্বতে মই আৰক্ষী সকলৰ কাৰণে এটি নীলা জেকেটৰ ব্যৱস্থা কৰিছিলো ৷ সেই জেকেটটোৰ প্ৰয়োজনীয়তা কিমান সেই কথা মই ক’ব নোৱাৰিম । কিন্তু জনসাধাৰণে এতিয়াও আৰক্ষীসকলৰ প্ৰতি নেতিবাচক মানসিকতা লৈ থাকে ৷

মুখ্যমন্ত্ৰী সোনোৱালে Assam police:A Journey through Changes and Challenges নামৰ এখন কিতাপ মুকলি কৰি এই মন্তব্য কৰে ৷গ্ৰন্থখন মুকলি কৰি সোনোৱালে কয় যে আৰক্ষীসকলৰ লগত জনসাধাৰণৰ সম্পৰ্ক অনুকূল হ’ব লাগে ৷

তেওঁলোকে জনসাধাৰণৰ সেৱাৰ কাৰণে সদায় প্ৰস্তুত থাকিব লাগে ৷ জনসাধাৰণে আৰক্ষীসকলক তেতিয়াহে বিশ্বাস কৰিব যেতিয়া আৰক্ষীয়ে তেওঁলোকক নিজৰ কৰ্তব্যৰ দ্বাৰা সুৰক্ষিত কৰাব ৷কিন্তু এতিয়াও আমি জনসাধাৰণৰ পৰা বহু দূৰত্বত। আৰক্ষীসকলে বহু ক্ষেত্ৰত অপৰাধীসকলক শাস্তি দিবলৈ সক্ষম হৈছে যদিও জনসাধাৰণৰ মনত তেওঁলোকৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী বৰ্তি আছে ৷

গতিকে আৰক্ষী আৰু জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকাটো অতি আৱশ্যক ৷ গতিকে আমি ৰাজ্যত আৰক্ষী বিভাগ আৰু জনসাধাৰণৰ মাজত বন্ধুত্ব পূৰ্ণ সম্পৰ্ক ৰাখিব বিচাৰোঁ ৷ মই ডিজীপিৰ লগত এই সন্দৰ্ভত কথা পাতিছো আৰু কৈছো যে কেৱল আইজিপিহ আৰু এচপীসকলৰ লগত আলোচনা কৰাৰ উপৰিও কনিষ্টবলসকলৰ লগত আলোচনা কৰিব লাগে ৷

লগতে সৰ্বানন্দ সোনোৱালে আৰক্ষীসকলক কয় যে তেওঁলোকে যেন শিশুসকলৰ লগত মানবীয়তাৰে মত বিনিময় কৰে ৷ শিশুসকলৰ প্ৰতি তেওঁলোক দৃষ্টিভংগী ইতিবাচক হ’বলৈ আহ্বান কৰে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ ভৰলুমুখ আৰক্ষী থানা ২০১৮ চনত শিশুসকলৰ কাৰণে এক বিশেষ ৰূপত ৰাজ্যৰ প্ৰথমখন শিশুৰ উপযোগী থানা হিছাপে পৰিগণিত হৈছে ৷বিভিন্ন খেলাৰ সামগ্ৰীৰ লগতে থানাৰ খনৰ দেৱালত বিচিত্ৰ ধৰণৰ ছবি খোদিত কৰা হৈছে। এই সকলো যাৱতীয় কাৰ্য কৰা হৈছে শিশুসকলৰ সুৰক্ষা আৰু সংৰক্ষণ আইন ২০১৫ ৰ আধাৰত ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:NDFB(S) cadres apprehended

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com