নিম্নমানৰ নিৰ্মাণ কাৰ্যৰ পাছতেই চপৰা চপৰে খহিছে টংলা মহলীয়াপাৰ পথ

নিম্নমানৰ নিৰ্মাণ কাৰ্যৰ পাছতেই চপৰা চপৰে খহিছে টংলা মহলীয়াপাৰ পথ

নিম্নমানৰ নিৰ্মাণ কাৰ্যৰ পাছতেই চপৰা চপৰে খহিছে টংলা মহলীয়াপাৰ পথ ।পথ নিৰ্মাণৰ কোনো কাৰিকৰী বিষয় মানি নচলাৰ ফলত চপৰা চপৰে খহিছে চৰনপাৰা গাৱৰ পৰা দলনঘাট লৈ থকা টংলা-মহিলাপাৰ পথ। মাথোঁ দুমাহৰ আগেয়ে নিৰ্মাণ শেষ কৰা এই পথছোৱা এতিয়া চপৰা চপৰে ভাঙি পৰাই নহয় যাতায়তৰ বাবেও বিপদজনক হৈ পৰিছে। এই পথটোৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিছিল ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিনন্দ কুমাৰ শইকীয়া আৰু কলাইগাও বিধানসভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়োই। ২০১৯ চনৰ ২ জুনত দুই জনপ্ৰতিনিধিয়ে আধাৰশিলা স্থাপন কৰি পথছোৱাৰ নিৰ্মাণ আৰম্ভ কৰিছিল।

সুদীৰ্ঘ দুটা দশক ধৰি দৰং আৰু ওদালগুৰিৰ সংলগ্ন এই পথটোৰ অৱস্থা অতি জৰাজীৰ্ণ হৈ আছিল। স্থানীয় লোকে এই জৰাজীৰ্ণ পথটো নিৰ্মাণ কৰাৰ বাবে দীৰ্ঘ দিন ধৰি আন্দোলন, প্ৰতিবাদ তথা আবেদন নিবেদন কৰি অহাৰ পিছত এই পথছোৱা নিৰ্মাণৰ বাবে পুঁজি আবণ্টন লাভ কৰিছিল। কিন্তু নিৰ্মাণ কাৰ্যত থকা গড়কাপ্তানী বিভাগটোৰ কৰ্মচাৰী আৰু ঠিকাদাৰ সকলে অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণ কৰাৰ ফলত দুমাহতে পথছোৱা ভাগিবলে আৰম্ভ কৰে । অভিযোগ অনুসৰি পি ডব্লিউ ডি অধিকাৰীয়েও পথ নিৰ্মাণৰ গুনাগুন তথা নিম্নমানৰ নিৰ্মান কাৰ্যক গুৰুত্ব দিয়া নাই। টংলা - মহিলাপাৰ পথটো নিৰ্মাণ কাৰ্য নিম্নমানৰ হোৱাৰ বাবে ক্ষোভ উজাৰিছে স্থানীয় লোকে ।‌

অঞ্চলটোৰ নিৱাসী তিব্ৰা ৰাভাই এই কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে পথটোৰ নিৰ্মাণ কাৰ্যত দুৰ্নীতি হৈছে আৰু গড়কাপ্তানী বিভাগে উপযুক্ত তদাৰকী নকৰিলে। তেওঁ ৰাজ্য চৰকাৰৰ লগতে বি টি চিক ইয়াৰ বাবে দোষাৰোপ কৰে ।

অঞ্চলটোৰ আন এজন‌ ব্যক্তি লোহিত নাথে কয় যে , " আমি দীৰ্ঘ দিন ধৰি পথছোৱা নিৰ্মাণৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে প্ৰতিবাদ কৰি আহিছো । কিন্তু এনে ধৰনৰ বিকাশ আমাৰ প্ৰয়োজন নাই"।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মেটেলৰ ওপৰত ব্লেকটেপিং কৰে যদিও হাতেৰে বা ভৰিৰে মোহাৰিলেই ব্লেকটেপিং এৰি যায় ।

স্থানীয় ৰাইজে শীঘ্ৰে পথ চোৱা নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ এক তদন্ত দাবী কৰে আৰু দুৰ্নীতিপৰায়ণ বিষয়া ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ দাবী জনায়।

ভিডিঅ প্ৰতক্ষ্য কৰক : Segun Wooden Logs worth Rs 70,000 seized in Lanka

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com