Begin typing your search above and press return to search.

প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকত প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি

প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকত প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2019 7:18 AM GMT

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকী। প্ৰথম মৃত্যু বাৰ্ষিকীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ , গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু আন আন জেষ্ঠ নেতা সকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

আজি পুৱা দিল্লীত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সমাধিস্থলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু আন বিজেপি নেতা সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত স্মৃতি চাৰণ সভা অনুষ্ঠিত হয় ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ তুলি লোৱা জীয়াৰী নামিতা কাউল ভট্টাচাৰ্য আৰু নাতিনীয়েক নীহাৰিকাও উপস্থিত আছিল এই অনুষ্ঠানত । নেপথ্য গায়িক হৰিহৰনে এই অনুষ্ঠানত সংগীত পৰিবেশন কৰে । ২০১৮ চনৰ ১৬ আগষ্টত দীৰ্ঘ দিন ধৰি অসুস্থতাত ভূগি দিল্লীৰ All India Institute of Medical Sciences হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে।

অটল বিহাৰী বাজপেয়ীৰ শেষকৃত সম্পন্ন অনুস্থানলৈ বিজেপিৰ কাৰ্যালয়ৰ পৰা স্মৃতিস্থললৈ ৪ কিলোমিটাৰ খোজকাঢ়ি গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু লাল বাহাদুৰ চেট্টীৰ স্মৃতি তৰ্পণৰ ওচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী মন্ত্ৰী গৰাকীক শেষকৃত সম্পন্ন কৰা হৈছিল ।প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ অস্থি ৰাজ্যিক সন্মান পদৰ্শন কৰি দেশৰ বিভিন্ন নদীত উটোৱাই দিয়া হৈছিল ।

অটল বিহাৰী বাজপেয়ী দেশৰ দশম সংখ্যাক প্ৰধানমন্ত্ৰী আছিল । এন ডি এয়ে কাৰ্যাকালত ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈকে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । দেশৰ ইতিহাসত প্ৰথম বাৰৰ বাবে বিজেপি প্ৰাৰ্থী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল ।

অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ কেইবছৰ মানৰ পূৰ্বে ৰাজনীতিৰ পৰা তেওঁ অবসৰ গ্ৰহণ কৰিছিল । অটল বিহাৰী বাজপেয়ীৰ জন্মদিন ২৫ ডিচেম্বৰত "Good Governance Day " বুলি পালন কৰা হয় । ২০১৪ চনত অটল বিহাৰী বাজপেয়ীক ভাৰত ৰত্ন" সন্মান প্ৰদান কৰা হৈছিল ।

অধিক খবৰৰ বাবে পঢ়ক: শপত গ্ৰহণৰ পূৰ্বে মহাত্মা গান্ধী, প্ৰয়াত অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি মোদীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:73rd Independence Day celebration from various parts of Assam

Next Story
চাকৰি