ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ্ৰৰ এখন দেশ এক নিৰ্বাচনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ্ৰৰ এখন দেশ এক নিৰ্বাচনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

ৰাষ্ট্ৰপতি ৰামনাথ কৌবিন্দে বৃহস্পতি বাৰে সকলো সাংসদকে এখন দেশ আৰু এক নিৰ্বাচনৰ ওপৰত মনোনিবেশ কৰিবলৈ আহ্বান কৰে ৷ লগতে এখন সুৰক্ষিত ৰাষ্ট্ৰ নিৰ্মাণ কৰিবৰ কাৰণে মহিলাসকলৰ সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। আৰু মহিলাসকলৰ অপৰাধীসকলৰ ওপৰত কঠোৰ শাস্তি সুনিশ্চিত কৰিবৰ কাৰণে পদক্ষেপ লোৱাৰ ক্ষেত্ৰত মনোনিবেশ কৰে ৷

সংসদৰ দুয়োখন সদনক উদ্দেশ্য কৰি ৰাষ্ট্ৰপতি ৰামনাথ কৌবিন্দই শূন্য সহনশীল নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ ৰাষ্ট্ৰপতি ৰামনাথ কৌবিন্দে কয় যে বিগত সময়ত দেশত একাৰাহে হোৱা নিৰ্বাচনৰ কাৰণে বিকাশৰ গতি স্থবিৰ হৈ পৰিছে। আমাৰ দেশবাসীয়ে স্পষ্ট নিৰ্ণয় লৈ নিজৰ বুদ্ধিমত্তাক প্ৰদৰ্শন কৰিছে। সম্প্ৰতি এখন দেশ আৰু এক নিৰ্বাচনৰ আৱশ্যক হৈ পৰিছে। যিয়ে আমাৰ দেশক বিকাশৰ পথত আগুৱাই লৈ যাব ৷ এখন দেশ এক নিৰ্বাচনৰ জৰিয়তে সকলো ৰাজনৈতিক দলে জনতাৰ বিকাশ আৰু কল্যানৰ কাৰণে সক্ষম হ’ব ৷

লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে এখন দেশ আৰু এক নিৰ্বাচনক গুৰুত্বপুৰ্ণভাৱে বিচাৰ কৰিবলৈ সকলোকে আহ্বান কৰে ৷ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক দিন পুৰ্বে এখন দেশ এক নিৰ্বাচনৰ প্ৰসংগত এখন সৰ্বদলীয় বৈঠকত আয়োজন কৰাৰ পিছত ৰামনাথ কৌবিন্দে আহ্বান কৰে ৷প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত মত বিনিময় কৰে ৷ ৰাজনাথ সিঙে মন্তব্য কৰে যে বৈঠকখনত বিশেষকৈ পাঁচটি বিষয়ৰ ওপৰত চৰ্চা কৰা হৈছিল ৷ তাৰ ভিতৰত প্ৰধান আছিল এখন দেশ এক নিৰ্বাচন৷

বৈঠকত উপস্থিত থকা চি পি আই আৰু চি পি আই এমৰ সদস্য সকলেও নিৰ্বাচনৰ নীতি ধাৰণাক সমৰ্থন আগবঢ়াইছে ৷প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে কেৱল চিপি আই আৰু চি পি আই এমে এই নীতিৰ সন্দৰ্ভত নিজৰ অভিব্যক্তি প্ৰকাশ কৰিছে ৷ লগতে ৰাজনাথ সিঙে কয় যে বৈঠকখনত প্ৰায় ৪০ টা দল আমন্ত্ৰণ কৰা হৈছিল ৷ইয়াৰ ভিতৰত ২১ টা দল ভাগ লৈছিল ৷ আৰু তিনিটা দলে বিশেষ অসুবিধাৰ কাৰণে বৈঠকখনত ভাগ ল’ব নোৱাৰিলে ৷আনহাতে ১৭ সংখ্যক লোকসভা নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে চৰকাৰক মহিলাসকলৰ সুৰক্ষাৰ ওপৰত অধিক মনোনিবেশ কৰে ৷ মহিলাসকলৰ অপৰাধীৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে।

ইফালে দেশৰ সকলো জীয়ৰীৰ কাৰণে সমান অধিকাৰ সুনিশ্চিত কৰাৰ কাৰনে তিনি তালাকৰ দৰে ব্যৱস্থাৰ ওপৰত পদক্ষেপ লোৱাটো প্ৰয়োজনীয়। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ৭৮ গৰাকী মহিলা সাংসদৰ ক্ষেত্ৰত নিজৰ অভিব্যক্তি প্ৰকাশ কৰে৷ আৰু কয় যে এইসকলোবোৰ নতুন ভাৰতৰ ছবি দাঙি ধৰিছে ৷

কোবিন্দে প্ৰধানমন্ত্ৰী মোডীৰ চৰকাৰ গঠন হোৱাৰ ২১ দিন পিছত শিশু,মহিলা আৰু কৃষকসকলৰ কাৰণে লোৱা বহু আঁচনিৰ কথা প্ৰকাশ কৰে। লগতে মন্তব্য কৰে দেশৰ জল সংকটৰ কথা ৷ এই ক্ষেত্ৰত পদক্ষেপ লোৱাৰ কথাও উল্লেখ কৰে ৷ অন্যহাতে কৃষিৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে অনাগত দিনত ২৫ কোটি টকা কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা হ’ব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com