প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এখন দেশ এক নিৰ্বাচনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এখন দেশ এক নিৰ্বাচনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে এখন সৰ্বদলীয় বৈঠকত মন্তব্য কৰে যে এখন দেশ এক নিৰ্বাচন নীতিৰে প্ৰাসংগিকতা অধ্যয়ন কৰাৰ বাবে এখন সমিতি গঠন কৰিব ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত মত বিনিময় কৰে ৷ ৰাজনাথ সিঙে মন্তব্য কৰে যে বৈঠকখনত বিশেষকৈ পাঁচটি বিষয়ৰ ওপৰত চৰ্চা কৰা হৈছিল ৷ তাৰ ভিতৰত প্ৰধান আছিল এখন দেশ এক নিৰ্বাচন৷

বৈঠকত উপস্থিত থকা চি পি আই আৰু চি পি আই এমৰ সদস্য সকলেও নিৰ্বাচনৰ নীতি ধাৰণাক সমৰ্থন আগবঢ়াইছে ৷প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে কেৱল চিপি আই আৰু চি পি আই এমে এই নীতিৰ সন্দৰ্ভত নিজৰ অভিব্যক্তি প্ৰকাশ কৰিছে ৷ লগতে ৰাজনাথ সিঙে কয় যে বৈঠকখনত প্ৰায় ৪০ টা দল আমন্ত্ৰণ কৰা হৈছিল ৷ইয়াৰ ভিতৰত ২১ টা দল ভাগ লৈছিল ৷ আৰু তিনিটা দলে বিশেষ অসুবিধাৰ কাৰণে বৈঠকখনত ভাগ ল’ব নোৱাৰিলে ৷

ইয়াৰ মাজতে উৰিষ্যাৰ মুখ্যমন্ত্ৰী আৰু বিজু জনতা দলৰ অধ্যক্ষ নবীন পাটনায়কে বুধবাৰে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ এখন দেশ এক নিৰ্বাচন নীতিক সমৰ্থন কৰে ৷ বীজু জনতা দলে কয় যে আমি জনতাৰ হিতৰ কাৰণে লোৱা প্ৰত্যেকটো পদক্ষেপৰ লগত আছোঁ ৷ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ সম্পৰ্কে আলোচনা কৰি মুখ্যমন্ত্ৰী পাটনায়কে গান্ধীৰ অহিংসা নীতিৰ সন্দৰ্ভত জনসাধাৰণক মনোনিবেশ কৰিবলৈ কয় ৷ ইফালে ভূমি অধিগ্ৰহণ আইনৰ দ্বাৰা সমাজৰ কল্যান আৰু দেশৰ বিকাশ হ’ব ৷

লগতে বন সংৰক্ষণ অধিনিয়মৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে পৰিবেশ সংৰক্ষণ আৰু আৰ্থিক বিকাশৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ইফালে ৰাজ্যসভাৰ সাংসদ আৰু ডি এম কে ৰ প্ৰবক্তা টিকেএচ ইলাংগ’ভেনে কয় যে এখন দেশ আৰু এক নিৰ্বাচন নীতিৰ দ্বাৰা বিজেপি লাভাম্বিত হ’ব ৷আমি বিজেপি চৰকাৰৰ এখন দেশ এক নিৰ্বাচনৰ নীতিক বিৰোধ কৰিছো ৷ইফালে কংগ্ৰেছেও এই নীতিক বাস্তৱৰ বিভিন্ন সমস্যাৰ পৰা মানুহৰ ধ্যান ধাৰনাক আঁতৰ কৰাবলৈ এক পন্থা বুলি অভিহিত কৰে ।

আনহাতে এখন দেশ এক নিৰ্বাচনৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে যেতিয়া আমি এখন দেশ আৰু এক নিৰ্বাচনৰ হোৱাৰ কথা উত্থাপন কৰোঁ ৷ তেতিয়া নিৰ্বাচনতো পৰিৱৰ্তন হোৱাটো বিচাৰোঁ ৷কাৰণ সম্প্ৰতি ৰাজ্যত ৰাজ্যসভা নিৰ্বাচনৰ দুখন আসনৰ কাৰণে পৃথক তাৰিখত নিৰ্বাচন অনুস্থিত হ’ব ৷ লগতে গুজৰাটৰ ৰাজ্যসভা আসনৰ কাৰণে পৃথকে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰে। কাৰণ বিজেপি অধ্যক্ষ অমিত শ্বাহ আৰু স্মৃতি ইৰানীক সাংসদ হিছাপে নিৰ্বাচিত হোৱাৰ পিছত দুয়োখন আসন সম্প্ৰতি খালী হৈ আছে ৷

দ্বিতীয়তে শীৰ্ষ নিৰ্বাচনী আয়োগৰ এক বিশেষ সূত্ৰই কয় যে সম্প্ৰতি এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আলোচনা সম্ভৱ নহয়। উল্লেখ্য যে নিৰ্বাচন আয়োগে ১১ এপ্ৰিলৰ পৰা ১৯ মে’লৈকে ৫৪২ খন লোকসভা আসনৰ কাৰণ সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছিল ৷ আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল ২৩ মে’ত৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com