Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূটানত ৰূপাই কাৰ্ড মুকলি,নখন চুক্তিত স্বাক্ষৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূটানত ৰূপাই কাৰ্ড মুকলি,নখন চুক্তিত স্বাক্ষৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Aug 2019 8:24 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে ভূটানত ৰূপাই কাৰ্ড লঞ্চ কৰে ৷ আৰু নখন চুক্তিত স্বাক্ষৰ কৰে । দুদিনীয়া ভ্ৰমণ সূচীৰে ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখনৰ প্ৰধান মন্ত্ৰী লোটে চেৰিঙৰ সৈতে আলোচনাত মিলিত হয়। নেতা দুজনৰ আলোচনাৰ সময়ত দুয়োখন দেশৰ মাজত জলবিদ্যুত আৰু শিক্ষাকে ধৰি পাঁচটা খণ্ডৰ লগত জড়িত ৯ খন চুক্তি স্বাক্ষৰিত হয়।

ইফালে বৈদেশিক মন্ত্ৰী ৰবীশ কুমাৰে টুইট কৰে যে আমাৰ অৰ্থ ব্যৱস্থা আৰু লোকসকলক একত্ৰিত কৰিবলৈ এইয়া এক প্ৰয়াস। মোডী আৰু ভূটানৰ প্ৰধানমন্ত্ৰী সংযুক্ত ৰূপত দুয়োখন দেশৰ লোকসকলৰ সৰ্বতো প্ৰকাৰৰ বিকাশৰ কাৰণে ভূটানত ৰূপাই কাৰ্ড লন্স কৰিছে ৷ আনহাতে এখন সংবাদ মেলত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ভূটানৰ দৰে এখন সুখী দেশক সকলোৱে প্ৰতিবেশীৰূপে বিচাৰে ৷

প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে উন্নয়নৰ তথ্যৰ নহয়,সুখেৰে জোখা এখন কোনো চুবুৰীয়া দেশৰূপে নিবিচাৰিব। ইফালে ভূটানৰ প্ৰধানমন্ত্ৰী চেৰিঙে কয় যে দুয়োখন দেশৰ মিত্ৰতা প্ৰকৃত পৰিভাষাত উপনীত হোৱাত মই গৰ্ব অনুভৱ কৰিছো ৷প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশে যুটীয়াভাৱে নিৰ্মাণ কৰা ৭২০ মেগাৱট উৎপাদন ক্ষমতা থকা মেংডেচু জলবিদ্যু প্ৰকল্প উদ্বোধন কৰে।

এই প্ৰকল্পটোৰ কাৰণে ভাৰতে ৭০ শতাংশ ঋণ আৰু ৩০ শতাংশ মঞ্জুৰী আগ বঢ়াইছে । লগতে ভূটানে ২০২২ চনৰ ভিতৰত ১০ হাজাৰ মেগাৱাট জলবিদ্যু উৎপাদনৰ লক্ষ্য লৈছে। ইফালে মোডীয়ে ভূটানত ভাৰতীয় লোকসকলক সাক্ষাৎ কৰে । আৰু প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংচুককো সাক্ষাৎ কৰে।

অন্য খবৰৰ বাবে পঢ়ক: অসম নাগালেণ্ড সীমান্তৰ বিবাদৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক:Uproar in South Salmara College after local goons attacked students

Next Story
চাকৰি