Begin typing your search above and press return to search.

কিতাপ পঢ়াৰ ওপৰত অধিক গুৰত্ব আৰোপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

কিতাপ পঢ়াৰ ওপৰত অধিক গুৰত্ব আৰোপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 July 2019 7:06 AM GMT

মন কী বাত ৰেডিঅ’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কিতাপ পঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৷ ইয়াৰ পিছতে পুনৰ দেওবাৰে নমো এপত গ্ৰন্থ অধ্যয়নকাৰীসকলৰ অভিজ্ঞতা ব্যক্ত কৰিবলৈ আহ্বান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ইফালে, নৰেন্দ্ৰ মোডীয়ে টুইট কৰে যে বিগত সময়ত মই এখন কিতাপৰ কথা কৈছিলো ৷ যিখন মই পঢ়িছিলো ৷আৰু সেই আপোনালোকৰ পঢ়াৰ টেবুলত কি কি কিতাপ আছে সেয়া জনাবলৈ আহ্বান কৰিছিলো ৷

সম্প্ৰতি সকলো লোকেই অতি উৎসাহেৰে উত্তৰ দিছে ৷গতিকে অধ্যয়ন কৰি থাকক আৰু নমো এপত নিজৰ অনুভৱ ব্যক্ত কৰক ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইটাৰৰ এটি ৱেব চাইটত www.narendramodi.in এটি লিংক আছে ৷ এই লিংক টোত লিখা আছিল যে আপুনি কিতাপ পঢ়ি ভাল পায়নে? ইয়াৰ জৰিয়তে আপুনি সাম্প্ৰতিক সময়ত অধ্যয়ন কৰা কিতাপখনৰ বিষয়ে লিখিব পাৰে ৷

লগতে কিতাপখনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো কি? কিতাপখনৰ পৰা আপুনি কি শিক্ষা পালে? লগতে কিতাপখনে আপোনাক কেনেধৰণে প্ৰেৰণা দিব পাৰে ৷ইত্যাদি কথাবোৰ জনাব পাৰে ৷লগতে আপোনাৰ প্ৰিয় গ্ৰন্থখন কি আৰু অনাগত সময়ত আপুনি কি পঢ়িব বিছাৰে ইত্যাদি কথাবোৰ জনাব পাৰে। উল্লেখ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৰ্তমান গ্ৰন্থ অধ্যয়ন কৰা আৰু গ্ৰন্থ অধ্যয়ন কৰি অনুভৱ ব্যক্ত কৰা লোকসকলৰ টুইটসমূহ প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক: দ্বিতীয়টো কাৰ্যকাল আৰম্ভনি হোৱাৰ পিছত মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Next Story
চাকৰি