বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা উপস্থিত জ’নাছ ভাতৃৰ অনুষ্ঠানতঃ ৰোমান্টিক ভাৱে প’জ দিলে জ’নাছ দম্পতীয়ে

বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা উপস্থিত  জ’নাছ ভাতৃৰ অনুষ্ঠানতঃ ৰোমান্টিক ভাৱে প’জ দিলে জ’নাছ দম্পতীয়ে

বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছ সম্প্ৰতি উপস্থিত হয় এঞ্জেলছত ৷ কাৰণ, এঞ্জেলছত জ’নাছ ভাতৃৰ এখন ডকুমেন্টৰী প্ৰদৰ্শন কৰা হয়৷ জ’নাছ ভাতৃৰ এই ডকুমেন্টৰী ছবিখন প্ৰত্যক্ষ কৰিবলৈ এঞ্জেলছত উপস্থিত হৈছে প্ৰিয়াংকা আৰু নিক। প্ৰিয়াংকা আৰু নিক জ’নাছৰ লগত উপস্থিত আছিল জ’ জ’নাছ আৰু তেওঁৰ পত্নী তথা অভিনেত্ৰী চ’ফী টনাৰ ৷

লগতে উপস্থিত থাকে কেবিন জ’নাছ আৰু পত্নী ডেনিয়েল। প্ৰিয়াংকা চোপাই এই সময়ত ডিজাইনাৰ গলিয়া ল’হাবৰ কলা ৰঙৰ পোচাক পৰিধান কৰা দেখা গ’ল ৷ আৰু নিক জ’নাছে ব্ৰাউন ৰঙৰ চ্যুট পৰিধান কৰা দেখা গৈছে ৷অন্যহাতে চ’ফীয়ে মেটালিক পোচাক পৰিধান কৰাৰ লগতে জ’ জ’নাছে পৰিধান কৰিছে গ্ৰে ৰঙৰ পোচাক ৷

ইফালে জ’নাছ পৰিয়ালৰ সকলোৱে এই অনুষ্ঠানত ৰোমান্টিক ভাৱে ফ’টোৰ কাৰণে প’জ দিয়া দেখা গ’ল ৷ অন্যহাতে জ’নাছ ভাতৃৰ ডকুমেন্টৰীখনত তেওঁলোকৰ ব্ৰেণ্ডটো উত্থান পতনক দেখুওৱা হৈছে ৷ ডিজনীত কাম কৰা পিছত পোৱা সাফল্যৰ পিছত ২০০৫ চনত জ’নাছ ভাতৃয়ে মিলি এটা ব্ৰেণ্ড নিৰ্মাণ কৰিছিল ৷ আৰু এই ব্ৰেণ্ডটো ২০১৩ চনত ভাগি গৈছিল।

চলিত বৰ্ষৰ ১ মাৰ্চত চকাৰ ভিডিঅ’টোৰ জৰিয়তে আকৌ একেলগ হয় জ’নাছ ভাতৃ ৷ আৰু এই ডকুমেন্টৰীখনতে জ’নাছ ভাতৃয়ে তেওঁলোকৰ উত্থান পতনক দেখুৱাইছে।সদ্যহতে বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাই ভাৰত ছবিত অভিনয় নকৰাৰ কথা চৰ্চা লাভ কৰি আছে ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ লগত হোৱা কথা বাৰ্তাত কেটৰীনা কাইফে কয় যে ভাৰত ছবিখনৰ কাৰণে কেটৰীনা কাইফক কোনো যোগাযোগ কৰিছিল সেইটো ডাঙৰ কথা নহয়। অৱশ্যে ভাৰত ছবিৰ কাৰণে মোক কোনো নিৰ্বাচন কৰিলে সেয়াও ডাঙৰ কথা নহয় ৷

ছলমান খানৰ লগত টাইগাৰ জিন্দা হ্যে ছবিখনৰ দৃশ্য গ্ৰহণত ব্যস্ত হৈ থাঁকোতে আলি আব্বাছে মোক ভাৰতৰ কাহিনী শুনাইছিল ৷লগতে কেটৰীনা কাইফে কয় যে মই প্ৰত্যেকবাৰে ছলমান খানৰ ছবিত অভিনয় নকৰোঁ ৷যদি প্ৰিয়াংকা চোপ্ৰাক ভাৰত ছবিৰ কাৰণে নিৰ্বাচন কৰা হৈছিল ৷আৰু প্ৰিয়াংকাৰ সেই প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ নিজৰ কাৰণ আছে ৷ ভাৰত মোৰ ভাগ্যত আছিল ৷আৰু এই ছবিখনত অভিনয় কৰি মই বহুত সুখী ৷যেতিয়া মই ভাৰত ছবিৰ কাহিনী পঢ়িছিলো ৷তেতিয়াই মই কাইনীটোৰ প্ৰতি আকৃষ্ট হৈছিলো ৷আৰু মোৰ মতে অভিনয় জীৱনৰ আটাইতকৈ ভাল চৰিত্ৰ ভাৰত ছবিৰ চৰিত্ৰটো ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com