Begin typing your search above and press return to search.

মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Nov 2019 5:45 AM GMT

ৰাজ্যত অব্যাহত থকা মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লগতে মুখ্যমন্ত্ৰী সোনোৱালে বিদ্যালয়সমূহত পূৰ্বৰ পদ্ধতিৰ বিলোপ কৰি স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে ঠিকাভিত্তি মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আৰম্ভ হোৱা সকলোকে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে ৷ ইফালে, এক নৱেম্বৰৰ পৰা এনজিঅ’সমূহে বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ যোগান ধৰিছিল।

কিন্তু সেই খাদ্যসমূহ আছিল খোৱাৰ অনুপযোগী তথা অস্বাস্থ্যকৰ ৷ এনজিঅ’সমূহে যোগান ধৰা মধ্যাহ্ন ভোজনৰ খোৱাৰ পিছত উজনি অসমৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীৰ শৰীৰ অসুস্থ হৈ পৰে ৷লগতে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ সহায়িকা আৰু ৰান্ধনি সকলেও এই বিষয়টোৰ সন্দৰ্ভত বিৰোধ প্ৰদৰ্শন কৰে । ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এক নিৰ্দেশনা যোগে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্ৰধান সচিব বি আৰ চামালক অস্বাস্থ্যকৰ মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে।

লগতে তদন্ত সম্পূৰ্ণ হোৱা আৰু প্ৰতিবেদন প্ৰস্তুত কৰালৈকে পূৰ্বৰ ব্যৱস্থাতেই ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজন উপলব্ধ কৰাবলৈ নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে, উজনি অসমৰ কিছু সংখ্যক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল মধ্যাহ্ন ভোজন খোৱাৰ পিছত অসুস্থ হোৱাৰ ঘটনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰিবলৈ বাধ্য কৰালে ৷

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত কৈছিল ১৫ টা এনজিঅ’ই ৰাজ্য চৰকাৰৰ লগত মধ্যাহ্ন ভোজনৰ কাৰণে চুক্তি কৰিছিল ৷ যদি ছাত্ৰ ছাত্ৰীক অস্বাস্থ্যকৰ ভোজন তেওঁলোকে যোগান ধৰিছে তেন্তে তদন্তৰ সন্মুখীন হ’ব। লগতে মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকাক আশ্বাস প্ৰদান কৰি মন্ত্ৰী ভট্টাচাৰ্যই কয় যে তেওঁলোকৰ এই ক্ষেত্ৰত চিন্তাৰ কোনো কাৰণ নাই।

তেওঁলোকে প্ৰথমৰ দৰেই পাৰিশ্ৰমিক লাভ কৰিব। অৱশ্য তেওঁলোকৰ সম্প্ৰতি কামৰ পৰিমাণ সীমিত হ’ব কাৰণ তেওঁলোকে খাদ্য ৰান্ধিব নালাগে ৷লগতে তেওঁলোকৰ পাৰিশ্ৰমিক বৃদ্ধিৰ সম্বন্ধে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰোৱা হৈছে বুলিও কয় মন্ত্ৰী ভট্টাচাৰ্যই ৷ চৰকাৰী বিদ্যালয়ত পঢ়া বেছিভাগ ল’ৰা ছোৱালী অসমৰ গাঁৱৰ পৰিয়ালত বাস কৰা ৷

তেওঁলোকৰ পিতৃ মাতৃয়ে পুৱা খেতিত কাম কৰিবলৈ গৈ বিয়লি ঘৰলৈ ওভতি আহে। ল’ৰা ছোৱালীয়ে পুৱা খালী পেটে বিদ্যালয়লৈ যায় ।এই ছাত্ৰ ছাত্ৰীসকলৰ খাদ্যৰ দায়িত্ব চৰকাৰে লৈছে ৷গতিকে এনেধৰণে কোনো ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত খেলি অখাদ্য খুৱালে সহ্য কৰা ন’হব বুলি মন্তব্য কৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

অন্য খবৰৰ বাবে পঢ়ক: লক্ষীমপুৰত দ্বিতীয় দিনাও প্ৰতিবাদ কৰিলে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীয়ে

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam TET 2019 to be held tomorrow morning

Next Story
চাকৰি