ওৰে নিশা প্ৰতিবাদ গুৱাহাটী বিশ্ববিদ্যালয়ত, কেবৰ বিৰুদ্ধে মাজনিশালৈ প্ৰতিবাদ

ওৰে নিশা প্ৰতিবাদ গুৱাহাটী বিশ্ববিদ্যালয়ত, কেবৰ বিৰুদ্ধে মাজনিশালৈ প্ৰতিবাদ
Published on

ওৰে নিশা প্ৰতিবাদ গুৱাহাটী বিশ্ববিদ্যালয়ত, কেবৰ বিৰুদ্ধে মাজনিশালৈ প্ৰতিবাদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ। নিশা সাৰে থাকিল জালুকবাৰী। গুৱাহাটী বিশ্ববিদ্যালয়ত মাজনিশালৈ চলিল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলে নিশা উপাচাৰ্যৰ ভৱন ঘেৰাও কৰিবলৈ উদ্যত্ত হয় । বুধবাৰে পৰীক্ষা বাতিলৰ দাবী জনাইছিল প্ৰতিবাদ কাৰী সকলে । অৱশেষত আজি বাতিল হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১১ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া পৰীক্ষা সমূহ । আজি অনুষ্ঠিত নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ, আইন আৰু আই এছ টি ৰ ছেমিষ্টাৰ পৰীক্ষা । বিশ্ববিদ্যালয়ে দিয়া নোটিছ অনুসৰি পৰীক্ষাৰ সময় সূচী পিছত ৰাজ্যৰ পৰিস্থিতি চাই নিৰ্ধাৰণ কৰিব ।

উল্লেখযোগ্য যে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক আজি বিয়লি প্ৰায় ২ বজাত ৰাজ্যসভাত উত্থাপন হ'ব ।

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU hangs effigies of State Ministers in Kokrajhar against CAB

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com