ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰান্তত কেব বিৰোধী আন্দোলন : মন্ত্ৰী অতুল বৰাক ঘেৰাও প্ৰতিবাদীৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰান্তত কেব বিৰোধী আন্দোলন : মন্ত্ৰী অতুল বৰাক ঘেৰাও প্ৰতিবাদীৰ । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা গোটে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মন্ত্ৰী অতুল বৰাৰ গোলাঘাট স্থিত বাসগৃহ ঘেৰাও কৰে।
কৃষিমন্ত্ৰী অতুল বৰা দেওবাৰে গোলাঘাটৰ বাসগৃহ লৈ আহিছিল আৰু গোলাঘাট জিলা এ জি পিৰ কাৰ্যলয়ত হবলগীয়া এক সভাত ভাগ লোৱা কথা আছিল।কিন্তু তেনে সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্রায় তিনিশ কৰ্মীয়ে মন্ত্ৰী গৰাকীৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।বিতৰ্কিত বিধেয়কখনৰ প্ৰতি অগপ দলে সমৰ্থন আৰু অগপৰ দলৰ তিনি মন্ত্ৰীয়ে সমৰ্থন দিয়া কাৰ্যক প্ৰতিবাদ কাৰীসকলে গৰিহণা দিয়াৰ লগতে,শ্লোগানো দিয়ে।কিন্তু প্ৰতিবাদ চলি থকা সময়তে অতুল বৰাৰ একাংশ সমথকে
প্ৰতিবাদকাৰী সকলক আক্ৰমণ কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। তেনেতে গোলাঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।আৰক্ষীয়ে সংগঠনটোৰ পাঁচ জন প্ৰতিবাদকাৰীক আটক কৰে তাৰ ভিতৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক কমিতিৰ সাধাৰণ সম্পাদক বিদূত শইকীয়া জিলা সভাপতি আৰু সম্পাদক সত্যৱত শইকীয়া আৰ্য ৰূপম গগৈক আটক কৰা হয়।
শিৱসাগৰত আছুৰ প্ৰতিবাদ
শিৱসাগৰ : নাগৰীকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰত আছু ৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ কৰে। শনিবাৰে সন্ধিয়া শ শ প্ৰতিবাদকাৰী চহৰৰ মাজলৈ ওলাই আহি ৰেলি কৰে আৰু প্ৰতিবাদী ৰেলিত অংশগ্ৰহণ কৰে ছাত্ৰ ছাত্ৰী ,বুদ্ধিজীৱী, সাংবাদিক তথা সাধাৰণ নাগৰীকসকলে। ৰেলিৰ নেতৃত্ব লয় শৰৎ হাজৰিকা আৰু শিৱসাগৰ জিলাৰ আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন সহিত অন্যান্য নেতাসকলে।
অন্যহাতে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত দেওবাৰৰ পৰা দুজন যুৱকে বিধেয়ক খনৰ বিৰোধিতা কৰি শনিবাৰৰ পৰা আমৰণ অনশন কায্যসূচী হাতত লয়।প্ৰতিবাদকাৰী দুজনৰ নাম হল জিন্টু মেচ আৰু জুবু খান।অন্যহাতে দেওবাৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা কমিটিও বিধেয়কৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাট জিলাৰ নুমলীগড়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিধেয়কৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰে।ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ লগতে অন্যান্য সংগঠন, নাগৰিক ,ব্যৱসায়ী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দেওবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰত সমাজ সেৱক ৰুকুনুৰ জামান (লাবলু) ৰ নেতৃত্বত মানকাচৰ অশোকাষ্টমী মেলা পথাৰৰ পৰা মানকাচৰ চক্ৰ বিষয়া কাৰ্যালয়লৈকে এখন বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত প্ৰতিবাদী মিছিল মানকাচৰ অঞ্চলৰ ৰাইজে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তী দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বেনাৰ পোষ্টাৰ হাতত লৈ নৰেন্দ্ৰ মোদী ,অমিত শ্বাহ, সৰ্বানন্দ সনোৱাল, সংবিধান বিৰোধী কাম নচলিব, ঐতিহাসিক অসম চুক্তিক সন্মান কৰক, এন আৰ চি ক লৈ ৰাজনীতি নচলিব, বিজেপি চৰকাৰ হায় হায়, মোদী হটাও দেশ বাচাও ইত্যাদি বিভিন্ন শ্লোগানেৰে আকাশ-বতাহ কপাই তুলি বিধেয়ক খনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
কেবৰ বিৰুদ্ধে দিয়া বন্ধৰ প্ৰভাব বিশ্বনাথত সৰ্বাত্মক দেখা গল দেওবাৰে।বিশ্বনাথৰ বিভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই কৰে প্ৰতিবাদ।
বিশ্বনাথত বিধেয়কখনৰ বিৰুদ্ধে উলাই আহিল বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী।মহাবিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ৰ গেটৰ সন্মূখত বিধেসকখনৰ বিৰুদ্ধে সুধাকন্ঠ ড'ভুপেন হাজৰিকাৰ গীত পৰিবেশন কৰি প্ৰতিবাদ কৰাৰ লগতে বিভিন্ন শ্লগান আৰু ধৰ্ণা কাৰ্যসূচী গ্ৰহন কৰে।
অন্য খবৰৰ বাবে পঢ়ক: বিতৰ্কিত কেবৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছুৰ জোঁৰ সমদল
ভিডিঅ প্ৰতক্ষ্য কৰক : RTI activist Dulal Bora arrested for allegedly blackmailing Motor Vehicle Inspector in Guwahati