Begin typing your search above and press return to search.

আদৰ্শ বিটিচিৰ জৰিজীৰ্ণ পথ মেৰামতিৰ দাবীত পথ অবৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে এ বি এম ছু য়ে

আদৰ্শ বিটিচিৰ জৰিজীৰ্ণ পথ মেৰামতিৰ দাবীত পথ অবৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে এ বি এম ছু য়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2019 1:02 PM GMT

আদৰ্শ বিটিচিৰ জৰিজীৰ্ণ পথ মেৰামতিৰ দাবীত পথ অবৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে এ বি এম ছু য়ে । আদৰ্শ বিটিচি ৰ নমুনা । বি টি চিৰ সদৰ কোকৰাঝাৰ চহৰৰ পাচ কিলোমিটাৰ দূৰত্বত কোকৰাঝাৰৰ ভেটাগাও গড়কাপ্তানী পথৰ অৱস্থা অতি শোচনীয় । জৰাজীৰ্ণ অৱস্থাত থকা এই পথটো নিৰ্মাণৰ বাবে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন চৰকাৰ খনেও কোনো গুৰুত্ব আৰোপ কৰা নাই।

অৱশেষত আজি এ বি এম ছু য়ে ২ ঘন্টীয়া পথ অবৰোধ কাৰ্যসূচী গ্ৰহণ কৰি উত্তৰাৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে ভেটাগাও পথ অবৰোধ কৰি জৰাজীৰ্ণ পথৰ মাজত মাছ মাৰি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে । লগতে প্ৰতিবাদকাৰী সকলে হাগ্ৰামা মহিলাৰী , মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মৰ বিৰূদ্ধে মুৰ্দাবাদ ধ্বনি দি প্ৰতিবাদ কাৰ্যসূচী উত্তাল কৰি তোলে ।

এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জাইদুল ইচলামে সংবাদমাধ্যমক কোকৰাঝাৰ ভোটগাও গড়কপ্তানি পথছোৱাক বিটিচি প্ৰশাসনে সকলো দেখিও নেদেখা ভাঁও জুৰি উক্ত পথছোৱা মেৰামতি নকৰাত ক্ষুন্ন কৰি তোলা অভিযোগ কৰে ৷তেওঁ হাগ্ৰামাৰ গৃহভূমি কোকৰাঝাৰতে এয়া আৰ্দশ বিটিচি নমুনা বুলি কটাক্ষ কৰি পথছোৱা জহি খহি যোবাৰ পিছতো গুৰুত্ব নিদিয়াত ৰাইজে আজি স্বৰ্তফুৰ্ত ভাৱে ভোটগাওত পথ অৱৰোধৰে অভিনৱ প্ৰতিবাদত নামি পৰা বুলি কয় ৷

লগতে প্ৰতিবাদ কাৰী সকলে তীব্ৰ ভাৱে গৰিহনা জনায় মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মক । প্ৰতিবাদ কাৰী সকলে মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মক সকীয়নি দি কয় যে যদি এমাহৰ ভিতৰত ৰাস্তা নিৰ্মাণ কাম আৰম্ভ নকৰে তেতিয়া হ'লে সমষ্টিত সোমাব নিদিয়ে মন্ত্ৰী গৰাকীক । এমাহৰ ভিতৰত ৰাস্তা নিৰ্মাণ কাম আৰম্ভ নহলে মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মক কলা পতাকা ও দেখুৱাব ।

লগতে হাগ্ৰামা মহিলাৰীক সকীয়নি দি কয় যে এমাহৰ ভিতৰত ৰাস্তা নিৰ্মাণ কাম আৰম্ভ নহলে আগন্তুক,২০২০ চনৰ বিটিচি নিৰ্বাচন বৰ্জন কৰিব লোকসকলে । এমাহৰ ভিতৰত ৰাস্তা নিৰ্মাণ কাম আৰম্ভ নহলে অনিৰ্দিষ্ট কাললৈ ৰাস্তা বন্ধ থাকিব বুলি কয় প্ৰতিবাদ কাৰী সকলে।

প্ৰতিবাদ কাৰী সকলে লগতে কয় যে প্ৰমিলা ৰানী ব্ৰহ্ম ই অঞ্চলটোৰ উন্নয়নৰ বাবে কোনো ধৰনৰ পন্হা হাতত লোৱা নাই । মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্ম ই মাহত তিনি চাৰি বাৰ এই সমষ্টিত আহিও ৰাইজৰ দুখ দুৰ্দশা চকুত পৰা নাই বুলি অভিযোগ কৰে প্ৰতিবাদ কাৰী সকলে ।

অন্য খবৰৰ বাবে পঢ়ক:বড়ো লোকসংগীতৰ ১৫ দিনীয়া কৰ্মশালা

ভিডিঅ প্ৰতক্ষ্য কৰক:Self-styled god man apprehended in Duliajan

Next Story
চাকৰি