বেডমিন্টন বিশ্ব চেম্পিয়নশ্বিপত পি ভি সিন্ধুৰ সফলতা

বেডমিন্টন বিশ্ব চেম্পিয়নশ্বিপত পি ভি সিন্ধুৰ সফলতা

বেডমিন্টন বিশ্ব চেম্পিয়নশ্বিপৰ ৪২ বছৰৰ ইতিহাসত প্ৰথমবাৰলৈ ভাৰতীয় শ্বাটলাৰ হিচাপে বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হ’ল পি ভি সিন্ধুৱে ৷ বি ডব্লিউ এফৰ দেওবাৰৰ মহিলাৰ ছিংগলছৰ ফাইনেলত পি ভি সিন্ধুৱে পুৰাতন প্ৰতিদ্বন্দ্বী জাপানী তাৰকা নুজুমী অকুহাৰাক হৰুৱাই স্বৰ্ণ জয় কৰে ৷

উল্লেখ্য যে বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপত এই পৰ্যন্ত ভাৰতে জয় কৰিলে ১০ টা পদক। ইয়াৰে পাঁচটা লাভ কৰিছে পি ভি সিন্ধুৱে । এটা স্বৰ্ণসহ দুটা ব্ৰঞ্জ আৰু দুটা ৰূপৰ পদক। আনহাতে ২০১৬ চনত ৰিঅ’ অলিম্পিক,২০১৭ বিশ্ব চেম্পিয়নশ্বিপ,২০১৮ কমনৱেলথ গেমছ আৰু ২০১৮ বিশ্ব চেম্পিয়নশ্বিপত ৰূপক পদক লাভ কৰিছিল সিন্ধুৱে।

ইফালে বহুবাৰ অসফলতাৰ সন্মুখীন হোৱা পি ভি সিন্ধুৱে সকলোকে দেখুৱাই দিলে যে একাগ্ৰতা,দৃঢ়তা থাকিলে সকলোতে সফলতাৰ সন্মুখীন হ’ব পাৰি। ভাৰতীয় বেডমিন্টন এই ঐতিহাসিক দিনটোতে পি ভি সিন্ধুক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু,উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু,ড° হিমন্ত বিশ্ব শৰ্মা আদিয়ে পি ভি সিন্ধুৱে ৷

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পি ভি সিন্ধুক টুইটাৰ যোগে শুভেচ্ছা জনাই কয় যে,প্ৰতিভাশালী পি ভি সিন্ধুৱে পুনৰ ভাৰতক গৌৰাম্বিত কৰিলে ৷ যি একাগ্ৰতা আৰু দৃঢ়তাৰে খেলিছে সেয়া প্ৰেৰণাদায়ক ৷ সিন্ধুৰ এই সাফল্যই অনাগত প্ৰজন্মক প্ৰেৰণা দিব ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Teachers protest in Nalbari polytechnic | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com