লোকসভা নিৰ্বাচনৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি কংগ্ৰেছৰ অধক্ষ্য পদৰ পৰা পদত্যাগ ৰাহুল গান্ধীৰ

লোকসভা নিৰ্বাচনৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি কংগ্ৰেছৰ অধক্ষ্য পদৰ পৰা পদত্যাগ ৰাহুল গান্ধীৰ

ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ অধক্ষ্য ৰাহুল গান্ধীয়ে বুধবাৰে কংগ্ৰেছ দলৰ অধক্ষ্য পদৰ পৰা আনুষ্ঠানিক ভাৱে পদত্যাগ কৰে। লোকসভা নিৰ্বাচনত কংগ্ৰেছে শোচনীয় পৰাজয়ৰ কথা স্বীকাৰ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে ৰাহুল গান্ধীয়ে ।

পদত্যাগ পত্ৰ দিয়াৰ পাছত ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে, ভাৰতীয় জনতা দলৰ ভাৰতৰ ধাৰনাক সদায় প্ৰতিবাদ জনাই যাব । নিজকে " কংগ্ৰেছৰ এজন সত জোৱান" বুলি প্ৰকাশ কৰে আৰু " ভাৰতৰ এজন অনুগত পুত্ৰ বুলিও কয় লগতে কংগ্ৰেছৰ হৈ সদায় কাম কৰি যাব আৰু তেওঁৰ শেষ উশাহলৈকে দেশৰ হৈ কাম কৰি যাব ।

ৰাহুল গান্ধীয়ে পত্ৰত উল্লেখ কৰে যে, " কংগ্ৰেছ দলৰ হৈ কাম কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা । ধুনীয়া দেশ খনৰ সেৱাৰ বাবে দলৰ গুৰুত্ব আৰু আদৰ্শ যথেষ্ট গুৰুত্বপূৰ্ণ । "

লগতে ৰাহুল গান্ধীয়ে উল্লেখ কৰে যে , কংগ্ৰেছ দলৰ অধক্ষ্য হিচাপে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বিপৰ্যয়ৰ দায়িত্ব স্বীকাৰ কৰে । সেই বাবেই কংগ্ৰেছৰ অধক্ষ্য পদৰ পৰা পদত্যাগ কৰিছে বুলি প্ৰকাশ কৰে।

ৰাহুল গান্ধীয়ে পাৰ্টনাশ্বিপৰ পৰাও পদত্যাগ কৰে। বৰ্তমানলৈকে কংগ্ৰেছ নতুন অধক্ষ্য কোন হব সেয়া নিশ্চিত হোৱা নাই ।

এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে অতি শোচনীয় ভাৱে পৰাজয় বৰণ কৰিছিল। লোকসভা নিৰ্বাচনত এন ডি এয়ে লাভ কৰিছিল ৩৫৩ খন আসন । তাৰ পৰিবৰ্তে কংগ্ৰেছ দলে লাভ কৰিছিল ৫২ খন আসন।

https://twitter.com/RahulGandhi/status/1146359704815194112

৪পৃষ্ঠাৰ আৱেগিক পত্ৰ লিখি কংগ্ৰেছৰ অধ্যক্ষ পদ ত্যাগ ৰাহুল গান্ধীৰ। নতুন অধ্যক্ষ বাচনিৰ দায়িত্ব দললৈ এৰিলে ৰাহুল গান্ধীয়ে।

দলৰ জ্যেষ্ঠ নেতা মতিলাল বহৰাই অন্তৰ্ৱতীকালীন অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে। অৱশ্যে দলৰ তৰফৰ পৰা কোনো তথ্য এইপৰ্যন্ত সদৰি কৰা নাই কংগ্ৰেছে।

পৰম্পৰাগতভাৱে দলৰ অধ্যক্ষৰ অনুপস্থিতিত কংগ্ৰেছত আটাইতকৈ জ্যেষ্ঠ সদস্যজনে এই দায়িত্ব অস্থায়ীভাৱে গ্ৰহণ কৰে। দলে নতুন নেতা নিৰ্বাচন নকৰালৈ এই জ্যেষ্ঠ সদস্যজনে দায়িত্ব গ্ৰহণ পালন কৰে।ৰাহুল গান্ধীয়ে দলৰ নতুন অধ্যক্ষ বাচনিৰ দায়িত্ব দললৈ এৰাৰ কথা উল্লেখ কৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com