Begin typing your search above and press return to search.

ৰাজ্য সভাৰ ২ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব ৭ জুনত: নিৰ্বাচনী আয়োগ

ৰাজ্য সভাৰ ২ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব ৭ জুনত: নিৰ্বাচনী আয়োগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 May 2019 6:20 AM GMT

ভাৰতীয় নিৰ্বাচনী আয়োগে মংগলবাৰে অসমৰ ৰাজ্য সভাৰ ২ খন আসনৰ বাবে নিৰ্বাচনৰ সময় সূচী প্ৰকাশ কৰে। ৰাজ্যৰ সভাৰ দুখন আসনৰ বাবে অসমত ৭ জুনত অনুষ্ঠিত হব নিৰ্বাচন। ২১ মেৰ ভিতৰত প্ৰাৰ্থী নিশ্চিত কৰিব লাগিব । মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে ২৮ মে । আনহাতে প্ৰত্যাহাৰৰ অন্তিম দিন ৩১ মে । ৭ জুনত ভোট গ্ৰহণ কৰা হব । নিৰ্বাচনী প্ৰক্ৰিয়া ১০ জুনৰ ভিতৰত সমাপ্ত হব লাগিব ।

অসমৰ ৰাজ্য সভাৰ সদস্য প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙ আৰু শান্তিয়াজ কুজুৰৰো কাৰ্যকাল ১৪ জুনত সমাপ্ত হব । ৰাজ্য সভাৰ দুখন আসনৰ বাবে ইতিমধ্যে ৰাজ্যৰ ৰাজনৈতিক দল সমুহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি