Begin typing your search above and press return to search.

প্ৰয়োজনীয় নীতি নিয়মৰ উলংঘন গুৱাহাটীৰ ব্যক্তিগত হোষ্টেলসমূহৰ

প্ৰয়োজনীয় নীতি নিয়মৰ উলংঘন গুৱাহাটীৰ ব্যক্তিগত হোষ্টেলসমূহৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 July 2019 9:35 AM GMT

প্ৰয়োজনীয় নীতি নিয়মৰ উলংঘন গুৱাহাটীৰ ব্যক্তিগত হোষ্টেলসমূহৰ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে গুৱাহাটী আৰু বিভিন্ন অঞ্চলৰ পি জি আৰু ব্যক্তিগত হোষ্টেলৰ লগতে ভাৰাঘৰসমূহৰ ক্ষেত্ৰত এক অৰাজকতাই দেখা গৈছে ৷ এনে ধৰণৰ ব্যৱসায়ত জড়িত লোকসকলে স্থায়ী ভূমিৰ নীতি নিয়মক পালন কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা নলয়। ইয়াৰোপৰি জি এম চি আৰু জি এম ডি এৰ বিষয়াসকলে এনে ধৰণৰ বিষয়সমূহত নীতি নিয়ম উলংঘা কৰা সকলৰ ক্ষেত্ৰত কোনো ভূমিকা নলয় । নিয়ম অনুসৰি জি এম চিৰ অনুমতি অবিহনে গুৱাহাটীত পি জি আৰু ব্যক্তিগত ছাত্ৰবাস স্থাপন কৰিবৰ নোৱাৰে ।

অৱশ্যে ৫০ শতাংশতকৈ অধিক পি জী আৰু ব্যক্তিগত ছাত্ৰবাসৰ নগৰ নিগমৰ অনুমতি অবিহনে এতিয়া চলি আছে ৷মন কৰিবলগীয়া কথা এয়ে যে পি জি ,ব্যক্তিগত হোষ্টেলৰ মালিকৰ উপযুক্ত সুবিধাৰ অবিহনে হোষ্টেল আৰু ভাৰাঘৰসমূহ চলাই আছে । গুৱাহাটীত টু লেট চাৰ্ভিচৰ কাৰণে জি এম চিত পঞ্জীকৰণৰ আৱশ্যক ৷ কিন্তু গুৱাহাটীত টু লেট চাৰ্ভিছৰ ৪০ শতাংশৰে পঞ্জীয়ন নাই। গতিকে ইয়াৰ মুখ্য উদ্দেশ্য এটাই যে ভাৰাতীয়া অথবা ব্যক্তিগত হোষ্টেলসমূহৰ লোকসকলৰ পৰা এক বৃহৎ পৰিমাণৰ ধনৰ ৰাশি সংগ্ৰহ কৰা ।

ইফালে ঘৰ ভাৰা দিয়া মালিক সকলে ভাৰা ঘৰত থকা লোকসকলৰ বিষয়ে সমগ্ৰ তথ্য তথা পদ আদিৰ বিষয়ে সন্নিবিষ্ট কৰিব লাগে ৷ আৰক্ষীৰ মত অনুসৰি অধিক সংখ্যক ঘৰৰ মালিকে ঘৰ ভাৰালৈ দিয়া নীতি নিয়মসমূহ পালন নকৰে ৷ইয়াৰ মাজতে গুৱাহাটীৰ হাতীগাঁৱত এটি ঘৰৰ পৰা আলফাৰ লগত যোগাযোগ থকা লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

অন্যহাতে ছয় মাইলৰ পৰা সোমবাৰে এজন বিদেশীক ভাৰা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৷ইফালে ঘৰৰ ভাৰা দিয়া মালিক সকলৰ কাৰণে এক অধিনিয়ম আছে যদিও এই অধিনিয়মক পালন নকৰে মালিক সকলে ৷ বহু সংখ্যক ভাৰাতীয়াই এই অধিনিয়মৰ সন্দৰ্ভত জ্ঞাত নহয় কাৰণে ঘৰৰ মালিকক নীতি নিয়মসমূহ পালন কৰিবলৈ নকয় ৷ এই অধিনিয়মৰ অনুসৰি ঘৰৰ মালিকে ভাৰালৈ দিয়া লোকসকলক পানী,বিদ্যুৎৰ লগতে সকলো সুবিধা প্ৰদান কৰিব লাগে ৷

লগতে ঘৰৰ কোনো অংশ ভাগি গ’লে মেৰামতিও কৰিব লাগে ঘৰৰ মালিকে ৷ অন্যহাতে আবাসিক অঞ্চলত দোকানসমূহৰ স্থাপন গুৱাহাটীৰ কাৰণে এটা সাধাৰণ দৃশ্য । কিন্তু জি এম ডি এৰ নীতি নিয়মক এনেধৰণৰ ঘটনাক উলংঘন কৰে। কাৰণ নিয়ম অনুসৰি আবাসিক অঞ্চলৰ ৩০ শতাংশকৈ অধিক ভূমি ব্যৱসায়ৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু সম্প্ৰতি গুৱাহাটী মহানগৰীৰ অধিক অঞ্চলতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিৰ দেখা যায়।

অধিক খবৰৰ বাবে পঢ়ক: গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ পৰা এজনক আটক

Next Story
চাকৰি