Begin typing your search above and press return to search.

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা পদত্যাগ ড° ৰঞ্জিত ডেকাৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা পদত্যাগ ড° ৰঞ্জিত ডেকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Sep 2019 4:43 AM GMT

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা পদত্যাগ ড° ৰঞ্জিত ডেকাৰ । কংগ্ৰেছৰ জেষ্ঠ্য নেতাসকলে দলৰ পদৰ পৰা পদত্যাগ কৰা বিষয়টো সম্প্ৰতি চৰ্চা লাভ কৰি আছে ৷অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শৈক্ষিক কোষৰ উপাধ্যক্ষ ড° ৰঞ্জিত ডেকা নিজৰ পদৰ পৰা পদত্যাগ কৰিব বুলি ঘোষণা কৰে ৷ মংগলবাৰে সংবাদমাধ্যমৰ সন্মুখত এখন সংবাদমেল সম্বোধন কৰি ৰঞ্জিত ডেকাই কয় যে মোৰ ব্যক্তি গত কাৰণত মই পদৰ পৰা পদত্যাগ কৰিছো।

আৰু মই মোৰ শৈক্ষিক প্ৰতিষ্ঠান আনন্দৰাম বৰুৱাৰ ওপৰত মনোনিবেশ কৰিব বিচাৰিচো ।ডেকাই লগতে কয় যে দলৰ লগত মোৰ কোনো ব্যক্তিগত আক্ৰোশ নাই ৷মই দলৰ ভালৰ কাৰণে চিন্তা কৰি আহিছো ৷ পদত্যাগ কৰাৰ মূল কাৰণ হৈছে মই নিজক পদৰ কাৰণে অযোগ্য বুলি ভাবিছো ৷মোৰ লগত দলৰ সৰ্বতো প্ৰকাৰৰ উন্নতিৰ কাৰণে কাম কৰাৰ শক্তি নাই ৷

মোৰ কোনো ৰাজনৈতিক ধ্যান ধাৰণা নাই বা মই কোনো ৰাজনৈতিক দলত যোগদান কৰিব বিছৰা নাই ।আমি ৰাজনীতিৰ লগত জৰিত নোহোৱাকৈয়ে সমাজৰ কাৰণে বহু কাম কৰিব পাৰোঁ ৷ভৱিষ্যতে দলটোৱে জনসাধাৰণৰ বিশ্বাস লাভ কৰিব বুলি আশা কৰা হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পিছতেই বিভাজন কংগ্ৰেছত

ভিডিঅ প্ৰতক্ষ্য কৰক:300 hectares of paddy fields affected in Sivasagar District | The Sentinel News | Assam News

Next Story
চাকৰি