এনআৰচি প্ৰকাশৰ পিছত পুনৰ নিৰীক্ষণ ব্যৱস্থা কৰক:ৰাজ্যিক বিজেপি

এনআৰচি প্ৰকাশৰ পিছত পুনৰ নিৰীক্ষণ ব্যৱস্থা কৰক:ৰাজ্যিক বিজেপি

ৰাজ্যত চূড়ান্ত এন আৰ চি প্ৰকাশ পাবলৈ মাজত মাথো কেইটিমান দিন। কিন্তু এই সময়তে বিজেপি অসম প্ৰদেশ অন্তিম এনআৰচি প্ৰকাশৰ পিছত এনআৰচিৰ আবেদনকাৰীসকলৰ নথি পত্ৰসমূহক পুনৰ নিৰীক্ষণৰ কাৰণে দাবী কৰিছেো৷সোমবাৰে গুৱাহাটীত এখন সংবাদমেল আয়োজন কৰি ৰাজ্যৰ বিজেপিৰ সভাপতি ৰঞ্জীত কুমাৰ দাসে কয় যে ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশ পাব লগা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত খেলি মেলি হোৱাৰ সম্ভৱনা আছে।

এনআৰচিত বহু বিদেশীৰ নাম সন্নিবিষ্ট হ’ব পাৰে আৰু ভাৰতীয়ৰ নাম বাদ পৰিব পাৰে ।আমি এনআৰচিৰ ক্ষেত্ৰত কেনেকৈ সন্তুষ্ট হ’ব পাৰো ৷যেতিয়া এনআৰচিত দেশৰ কাৰণে যুদ্ধ কৰা ব্যক্তি,অসম আন্দোলনত জৰিত ব্যক্তি সকলৰ নাম সন্নিবিষ্ট নহয়। এবাৰ আৰজিআইক এনআৰচিৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত এই বিষয়টো হৈ পৰিব ৰাজ্যিক বিষয় ৷আৰু প্ৰকৃত ভাৰতীয়ৰ নাম এনআৰচিৰ পৰা বাদ পৰা সন্দৰ্ভত চৰকাৰক এখন আইনৰ প্ৰসংগ ৰাজ্যৰ বিধানসভাত উত্থাপন কৰিবলৈ কয় ৷

লগতে চূড়ান্ত এনআৰচিৰ প্ৰকাশৰ পিছতো সন্দেহ যুক্ত বিদেশীসকলৰ তদন্তৰ প্ৰক্ৰিয়া কৰি থাকিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আহ্বান কৰে ৷ ৰঞ্জিত দাসে লগতে কয় যে এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাই কিছুমান দল সংগঠন আৰু স্বয়ংক্ৰিয় ভাৱে কাম কৰিছে। হাজেলাৰ এনে ধৰণৰ কাৰ্যই শুদ্ধ এনআৰচি তৈয়াৰ কৰাত ব্যাঘাত জন্মাইছে ৷

আমি হাজেলাক পাঁচটা দস্তাবেজ তৈয়াৰ কৰিবৰ কাৰণে কৈছিলো ৷ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে এখন শুদ্ধ এনআৰচিৰ কাৰণে ১০-২০ শতাংশ পূৰ্ণ সত্যাপনৰ দাবী উত্থাপন কৰিছিল ৷ কিন্তু এই দাবীক উপেক্ষা কৰিলে ৷দাসে লগতে কয় যে এখন নিৰ্বাচিত চৰকাৰ হোৱাৰ কাৰণে ৰাজ্য চৰকাৰে এনআৰচিৰ ক্ষেত্ৰ পৰামৰ্শ দিব পাৰে ৷

আমি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছো যে এন আৰচি প্ৰকাশ পোৱাৰ পিছত সন্দেহযুক্ত নাগৰিকৰ ক্ষেত্ৰত প্ৰয়োজনীয় তদন্ত,অনুসন্ধান কৰাৰ পিছতহে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক । ইফালে নাম বাদ পৰা নাগৰিক সকলক উদ্দেশ্য কৰি দাসে কয় যে তেওঁলোক শংকিত হোৱাৰ প্ৰয়োজন নাই ৷তেওঁলোকে আইনৰ ওপৰত আস্থা ৰাখি বিদেশী ন্যায়াধীকৰণৰ কাষ চাপে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:AJYCP Joypur unit organized Rain Forest Football Trophy

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com