Begin typing your search above and press return to search.

ৰিলায়েঞ্চ জিঅ’ৰ গ্ৰাহকৰ কাৰণে আন এক সুখবৰঃভৰিব নালাগে পইচা

ৰিলায়েঞ্চ জিঅ’ৰ গ্ৰাহকৰ কাৰণে আন এক সুখবৰঃভৰিব নালাগে পইচা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2019 10:59 AM GMT

ৰিলায়েঞ্চ জিঅ’ৰ গ্ৰাহক সকলৰ কাৰণে এই বিশেষ সুখবৰ ৷ কাৰণে যিসকল গ্ৰাহকে ৯ অক্টোবৰ বা তাৰ পূৰ্বে ৰিচাৰ্জ কৰিছে। তেওঁলোকে সেই ৰিচাৰ্জ শেষ নোহোৱালৈকে আন নেটৱৰ্কৰ নম্বৰলৈ ফোন কৰিব পাৰিব ৷ কিন্তু যেতিয়াই সেই প্লেন শেষ হ’ব তেতিয়া গ্ৰাহকজনে আন নেটৱৰ্ক নম্বৰলৈ ফোন কৰিবলৈ ভৰিব লাগিব প্ৰতি মিনিটত ৬ পইচাকৈ।

এই কথা টুইটাৰ যোগে প্ৰকাশ কৰিছে ৰিলায়েঞ্চ জিঅ’ই। অৱশ্য জিঅ’ৰ পৰা জিঅ’লৈ কল কৰিলে ভৰিব নালাগে কোনো চাৰ্জ ৷কেৱল আন নেটৱৰ্কলৈ ফোন কৰিলেহে দিব লাগিব চাৰ্জ ৷ ইফালে ৬ পইচা প্ৰতি মিনিটৰ চাৰ্জ জিঅ’ৰ পৰা জিঅ’লৈ কল কৰোঁতে,সকলো ইনকামিং কল জিঅ’ৰ পৰা লেণ্ড লাইন কল,হোৱাটএপ বা তেনেধৰণৰ কল কৰোতে পইচা দিব নালাগে । ইয়াৰ লগতে গ্ৰাহকে আদায় দিয়া ১০ টকাৰ বিনময়ত অতিৰিক্ত ১ জি বি ডাটা লাভ কৰিব ।

উল্লেখ্য যে ৰিলায়েঞ্চ জিঅ’ৱে এই নিয়মৰ কাৰণে গ্ৰাহকক বিনামূলীয়া কলৰ সুবিধা দিবলৈ আন অপাৰেটৰক নিজৰ পৰা আইইউচি আদায় কৰি আহিছিল। যোৱা তিনি বছৰত জিঅ’ই ১৩,৫০০'কোটি টকা নেট আইচিইউ হিছাপে আন অপাৰেটৰক দি আহিছিল।আন নেটৱৰ্ক আৰু ৰিলায়েঞ্চ জিঅ’ৰ টেৰিফৰ পাৰ্থক্যৰ কাৰণে এয়াৰটেল আৰু ভডাফোন–আইডিয়াৰ গ্ৰাহকে জিঅ’ গ্ৰাহকলৈ মিছ কল দি ফোন কৰিবলৈ কৈ আহিছিল। জিঅ’ই নেটৱৰ্কত প্ৰতিদিনে ২৫ৰ পৰা ৩০কোটি মিছ কল প্ৰতি দিনে আহে। অৰ্থাৎ জিঅ’ই আন নেটৱৰ্কলৈ ফোন কৰাৰ ধন আদায় দিব লগীয়া হয়। ইয়াৰ কাৰণে দৈনিক প্ৰায় ৬৫ৰ পৰা ৭৫কোটি মিনিটৰ আউট গয়িং কলৰ কাৰণে প্ৰতি মিনিটত ৬পইছা চাৰ্জ দি আহিছিল জিঅ’ই। এই IUC top-up ভাউচাৰ জিঅ’ই গ্ৰাহকক প্ৰদান কৰিব।

অন্য খবৰৰ বাবে পঢ়ক: মেৰী কম,যমুনা বড়ো আৰু লাভলীনা বৰগোহাঁইৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সফলতা

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch Dilapidated Road Condition at Sitalmari village in Sonitpur

Next Story
চাকৰি