Begin typing your search above and press return to search.

প্ৰসংগ: অসমৰ বান:ডুমডুমাত বানক্ৰান্তসকলৰ মাজত বান সাহাৰ্য বিতৰণ

প্ৰসংগ: অসমৰ বান:ডুমডুমাত বানক্ৰান্তসকলৰ মাজত বান সাহাৰ্য বিতৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 July 2019 9:06 AM GMT

অসমৰ বিধ্বস্ত বানত সকলো হেৰুৱাইছে বানাক্ৰান্তই ৷সেই সময়তে ডুমডুমাত বান সাহাৰ্য বিতৰণ কৰিছে একাংশ লোকে ৷তিনিচুকীয়া জিলাৰ সদৌ অসম কাৰ্বি সন্মিলনে শুক্ৰবাৰে লাইকা দঢ়িয়া আইচুং গাঁৱৰ বানপীড়িতসকলক মাৰ্ঘেৰিটা,লাইপুলি, বৰবৰুৱা আৰু ডুমডুমা সুন্দৰম কাৰ্বি সন্মিলন আৰু তিনিচুকীয়া মাতৃভূমি কাৰ্বি মঞ্চই বানসাহাৰ্য বিতৰণ কৰে ৷

তেওঁলোক নাৱেৰে বানাক্ৰান্তসকলৰ মাজত উপস্থিত হয় ৷আৰু সভাপতি ড° ৰঞ্জিত দত্ত আৰু সম্পাদক দিগন্ত ভজানীৰ নেতৃত্বত বানসাহাৰ্য বিতৰণ কৰে। বহু অন্য চৰকাৰী বেচৰকাৰী সংগঠনে বান পীড়িতসকলৰ দুখ দুৰ্দশা হ্ৰাস কৰিবৰ কাৰণে বীৰ লাচিত সেনাই বান সাহাৰ্য বিতৰণ কৰে । ডুমডুমা শাখাৰ বীৰ লাচিত সেনাই গাঁৱৰ গাঁওবুঢ়াক বান সাহাৰ্য্য বিতৰণ কৰে ।

ডুমডুমাৰ ৮ নং চুকাৰটিঙৰ বসুন্ধৰা নামৰ এটি সংস্থাৰ সদস্যই প্ৰায় ৮৫ জন বানাকান্ত লোকক বানসাহাৰ্য্য বিতৰণ কৰে ।ইফালে অষ্ট্ৰেলিয়াত থকা অসমীয়া মহিলা মনি চৈয়দে তিনিচুকীয়া জিলাৰ অন্য ছয়গৰাকী মহিলাৰ সৈতে একত্ৰিত হৈ বানাকান্ত লোকসকলক সহায় কৰে। মহিলাসকলে প্ৰায় ১১০ পৰিয়ালক বানসাহাৰ্য প্ৰদান কৰে ৷ আনহাতে বাৰ্হাপজান একাংশ বাইক ৰাইডাৰ্চে দধিয়া,মাহমৰা,পপিতা,কুলী,ৰুমেইন,সাসুতি আৰু টেঙাপানী গাঁৱৰ প্ৰায় ৪৫০০ বানাক্ৰান্ত লোকক বানসাহাৰ্য বিতৰণ কৰে ৷

বানত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য প্ৰায় ৯০ শতাংশ জলমগ্ন হৈ পৰিছে। যাৰ কাৰণে বনৰীয়া জন্তুসমূহে ওখ ঠাইত আশ্ৰয় লৈছে। অৱশ্যে সম্প্ৰতি ৰাষ্ট্ৰীয় অভয়াৰণ্য খনৰ সাম্প্ৰতিক পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে বুলি জানিব পৰা গৈছে ৷ কৰ্মৰত এজন বিষয়াৰ মন্তব্য অনুসৰি বানৰ প্ৰকোপ সম্প্ৰতি হ্ৰাস পাইছে ৷সোমবাৰে পুৱা ১৬২ চেন্টিমিটাৰ জলস্তৰ হ্ৰাস পাইছিল ৷ জীৱ জন্তুসমূহৰ সুৰক্ষাৰ কৰাত বন বিভাগৰ লগতে স্থানীয় জনসাধাৰণে যথেষ্ট সহায় কৰিছে বুলি কয় এগৰাকী বিষয়াই ৷

আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ১৬ টা বন্য প্ৰাণী,১৫ হৰিণৰ লগতে অন্যান্য জীৱ জন্তুৰ মৃত্যু হয় ৷ৰাষ্ট্ৰীয় ঘাইপথটোত যান বাহনসমূহৰ তীব্ৰ গতিৰ কাৰণে এই বন্য প্ৰাণীসমূহৰ মৃত্যু হয় ।ইফালে ১৫ টা গড় আৰু এটা হাতী বানত ডুব যোৱাৰ কাৰণে মৃত্যু হয়। কিন্তু সম্প্ৰতি জীৱ জন্তুসমূহক আৰোগ্য কৰি আকৌ অভয়াৰণ্যখনত জীৱ জন্তুসমূহ মুকলি কৰি দিছে বিভাগীয় কৰ্তৃপক্ষই ৷

অধিক খবৰৰ বাবে পঢ়ক: নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত লেজাই কলাখোৱাত বান সাহায্য প্ৰদান

Next Story
চাকৰি