বানে বিধস্ত কৰা বিদ্যালয় সমূহ মেৰামতি কৰাৰ দাবী শিক্ষকৰ

বানে বিধস্ত কৰা বিদ্যালয় সমূহ মেৰামতি কৰাৰ দাবী শিক্ষকৰ

প্ৰলয়ংকাৰী বানে ৰাজ্যত বিভীষিকা সৃষ্টি কৰাৰ পিছত এতিয়া মহামাৰীকে ধৰি নানান সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত সকল। প্ৰলয়ংকাৰী বানৰ ফলত ৰাজ্যত প্ৰায় ১৫,০০০ প্ৰাথমিক বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছে । প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলে প্ৰকাশ কৰে যে, প্ৰত্যেক বছৰে চৰকাৰে বিদ্যালয় সমূহত ক্ষতিগ্ৰস্থ হোৱা তথ্যৰ ৰিপোৰ্ট বিচাৰে কিন্তু তথ্য দাখিলৰ পিছত ইয়াৰ মেৰামতিৰ বাবে গুৰুত্ব প্ৰদান নকৰে ।

দেওবাৰে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থায়ে সংবাদমেল সম্বোধন কৰি কয় যে, প্ৰত্যেক বছৰে চৰকাৰে বান পানী ক্ষতিৰ তথ্য বিচাৰে আৰু প্ৰদানো কৰা হয় কিন্তু বিদ্যালয় সমূহ মেৰামতিৰ বাবে চৰকাৰে পুঁজি মুকলি কৰি নিদিয়ে। " সেয়েহে প্ৰাথমিক বিদ্যালয় শিক্ষক সন্থায়ে বিদ্যালয় মেৰামতিৰ বাবে পুঁজি মুকলাই দিবলৈ দাবী উত্থাপন কৰে। লগতে প্ৰকাশ কৰে আমি বিদ্যালয় সমূহত এমাহৰ ভিতৰত শৈক্ষিক পৰিবেশ গঢ়ি তোলাটো বিছাৰো ।

টেট শিক্ষক সকলে প্ৰকাশ কৰে যে, টেট শিক্ষকৰ আবেদনৰ পিছত যিসকল ঠিকাভিত্তিক টেট শিক্ষকৰ ম্যাদ আছে তেওঁলোকে নিয়মীয়াকৰণৰ বাবে আবেদন কৰিব পাৰে ।

৷১৮ খন জিলাত ৫৬ টা ৰাজহ চক্ৰত ১৭১৬ খন গাঁৱত ২১,৬৮,১৩৪ জন লোক বানত প্ৰভাৱিত হৈছে। ধেমাজী,শোনিতপুৰ, দৰং, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী,গোৱালপাৰা,কামৰূপ, কামৰূপ মেট্ৰ’,মৰিগাঁও,নগাওঁ,গোলাঘাট,যোৰহাট আৰু কাছাৰত বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছিল ৷

বাক্সা,নলবাৰী,বৰপেটা,চিৰাং,বঙাইগাওঁ, কোকৰাঝাৰ,ধুবুৰী,কামৰূপ,মৰিগাঁও,নগাঁও, গোলাঘাট আৰু যোৰহাটত ৬১৫ টা শিবিৰত ৯৯৬৫৯ জন লোকে আশ্ৰয় লৈ আছে ৷ ইফালে ৪৯ টা কেন্দ্ৰই শোনিতপুৰ,বৰপেটা, কোকৰাঝাৰ,কামৰূপ আৰু মৰিগাওঁত খাদ্য বিতৰণ কৰি আছে ৷ আনহাতে ব্ৰহ্মপুত্ৰৰ নিমাতীঘাট, জিয়া ভৰালী,পুঁথিমাৰী,বেকীআৰু কৰিমগঞ্জৰ কুশিয়াৰ নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷

বানত ৰাজ্যৰ প্ৰায় ৪ লাখ হেক্টৰ কৃষি ভূমি এইবাৰ দীঘলীয়া সময়ৰ বাবে পানীৰ তলত থাকিবলগীয়া হোৱাত সকলো খেতি নষ্ট হয় ৷ এতিয়াও ৰাজ্যৰ প্ৰায় ১.৫ লাখ হেক্টৰ কৃষিভূমি বানপানীৰ তলতে আছে ।উল্লেখ্য যে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ কাৰণে সম্প্ৰতি নামনি অসমত বান পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে।

প্ৰলয়ংকাৰী বানে ৰাজ্যত ২২ টা কৈ নদী বান্ধ ভাঙি নিয়ে। বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্যিক জল সম্পদ বিভাগে প্ৰস্তুতি চলাই আছে । কাৰ্যালয়ৰ সূত্ৰয়ে জনোৱা মতে, যোৱা বছৰত বানে ২৯ টা নদী বান্ধ ভাঙি নিছিল । ২০১৯-২০ চনত ১২৫ কোটি দিয়া হৈছে । নদী বান্ধ সমুহ মেৰামতিৰ ২০১৯-২০ চনত বানপানী ব্যৱস্থাপনা বিভাগে ৮০.২৪ কোটি অতিৰিক্ত ধন বিচাৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com