Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীলৈ পৰিৱৰ্তন কৰিব লাগেঃ শিলাদিত্য দেৱ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীলৈ পৰিৱৰ্তন কৰিব লাগেঃ শিলাদিত্য দেৱ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Sep 2019 8:22 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আসোঁৱাহ পূৰ্ণ ৷এই অভিযোগ হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ ৷ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীলৈ ৰূপান্তৰিত কৰাৰ দাবী কৰে হোজাইৰ বিধায়কগৰাকীয়ে। শনিবাৰে দিশপুৰৰ বিধায়ক আৱাসগৃহত এখন সংবাদ মেল সম্বোধন কৰি শিলাদিত্য দেৱে কয় যে ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আসোঁৱাহেৰে পৰিপূৰ্ণ। ইয়াক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীলৈ পৰিৱৰ্তন কৰিব লাগে ৷

ইয়াৰ পিছত ৰাষ্ট্ৰীয় স্তৰত এনআৰচি এনপিআৰৰ ওপৰত আধাৰিত হ’ব লাগে। ভাৰতবৰ্ষত অন্য ৰাজ্যৰ দৰে ২০২০ চনত অসমতো পুনৰ এনআৰচি হ’ব লাগে বুলি কয় হোজাইৰ বিধায়কগৰাকীয়ে। লগতে শিলাদিত্য দেৱৰ মত অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীলৈ পৰিৱৰ্তন কাৰণে ভিত্তি বৰ্ষ ১৯৫১ হ’ব লাগে ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কংগ্ৰেছে অস্বীকাৰ কৰা নাইঃ বিৰোধী দলপতি দেবব্ৰত শইকীয়া

ভিডিঅ প্ৰতক্ষ্য কৰক:BJP to begin 'Seva Saptah' from September 14 | The Sentinel News | Assam News

Next Story
চাকৰি