Begin typing your search above and press return to search.

বোকাখাটত দুজন গঁড় চিকাৰী গ্ৰেপ্তাৰ, ৰাইফল, সক্রিয় গুলি উদ্ধাৰ

বোকাখাটত দুজন গঁড় চিকাৰী গ্ৰেপ্তাৰ, ৰাইফল, সক্রিয় গুলি উদ্ধাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2019 12:40 PM GMT

বোকাখাটত দুজন গঁড় চিকাৰী গ্ৰেপ্তাৰ, ৰাইফল, সক্রিয় গুলি উদ্ধাৰ ।বুধবাৰে সন্ধিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন ৰক্ষীয়ে স্পেচিয়েল টাস্ক ফৰ্চৰ সহযোগত চলোৱা এক অভিযানত বোকাখাটত দুজন গড়ঁ চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে গড় চিকাৰ কৰাৰ‌ উদ্দেশ্যৰে দুজন‌ লোক ব্ৰহ্মপুত্ৰ ৰুহিটাঘাটৰ গহপুৰৰ পিছলামুখৰ পৰা বোকাখাটলৈ আহি আছিল । এই খবৰ চোৰাংচোৱাই আৰক্ষীক খবৰ দিয়াৰ পাছতেই বন বিভাগ আৰু স্পেচিল টাস্ক ফৰ্চে যুটীয়া ভাবে অভিযান চলাই লোক দুজনক বোকাখাটত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি লোক দুজনৰ নাম ৰনোজ পেগু আৰু কিৰন দাস। ৰনোজ পেগু গহপুৰৰ নিৱাসী হোৱাৰ বিপৰীতে কিৰন দাস বৰাচুকৰ নিৱাসী ।

অভিযান চলোৱা দলটোৰ নেতৃত্ব দিছিল বনবিভাগৰ এচিচটেন্ট কনজাৰভেটৰ কৃষ্ণ কান্ত দেওৰীয়ে । ধৃত লোক দুজনৰ পৰা .303 ৰাইফল আৰু গুলি বাৰুদ উদ্ধাৰ কৰে। লোক দুজনৰ পৰা গান চাইলেন্সাৰ , অচিনাক্ত ৰাসায়নিক পদাৰ্থ আৰু অন্য বহুতো আপত্তি জনক সামগ্ৰী উদ্বাৰ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি কিৰন দাস পূৰ্বেও গড় চিকাৰ কাৰ্যত জড়িত আছিল। আনহাতে ৰনোজ পেগুই চলিত বৰ্ষৰ জুলাই মাহত ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ এটা ফৰেষ্ট কেম্পত হোম গাৰ্গ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।‌

অন্য খবৰৰ বাবে পঢ়ক: মুখ্যমন্ত্ৰী সোনোৱালে মুকলি কৰিলে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

ভিডিঅ প্ৰতক্ষ্য কৰক:Meet Priya Debnath “Miss Sports Model India-2019” title winner from Margherita

Next Story
চাকৰি