Begin typing your search above and press return to search.

তলাবন্ধৰ আৰ্থিক ক্ষতি পূৰণৰ চেষ্টাঃ মণিপুৰত স্থানীয়ভাবে তৈয়াৰী চাউলৰ পাপড় মুকলি

তলাবন্ধৰ আৰ্থিক ক্ষতি পূৰণৰ চেষ্টাঃ মণিপুৰত স্থানীয়ভাবে তৈয়াৰী চাউলৰ পাপড় মুকলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 May 2020 12:10 PM GMT

তলাবন্ধৰ আৰ্থিক ক্ষতি পূৰণৰ চেষ্টাঃ মণিপুৰত স্থানীয়ভাবে তৈয়াৰী চাউলৰ পাপড় মুকলি

ক’ৱিড-১৯মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য ঘোষিত আৰু বাহাল ৰখা দেশজোৰা তলাবন্ধৰ দেশ আৰ্থিক ক্ষতিৰ পৰা সকাহ লাভৰ উপায় অৱলম্বন কৰিছে মণিপুৰ চৰকাৰে। এই উদ্দেশ্য ৰাজ্য চৰকাৰে চাউলৰ পৰা তৈয়াৰী এক বিশেষ পাপড় মুকলি কৰিছে। এই পাপড় থলুৱাভাবে উত্পাদিত। এনে পাপড় মিঠাই অথবা গুৰু ভোজনৰূপেও গ্ৰহণ কৰিব পাৰি। ৰাজ্য চৰকাৰে প্ৰকাশ কৰা অনুসৰি স্তানীয়ভাবে তৈয়াৰী এই পাপড় বৃহস্পতিবাৰে ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ তেৰা উড়ক ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত এক অনুষ্ঠানত মুকলি কৰা হয়। ৰাজ্য বিধানসভাৰ অধ্যক্ষ য়ুমনাম খেমচান্দ সিং, তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক এইচ বালাকৃষ্ণ আদিয়ে এই বিশেষ পাপড় মুকলি কৰে। এই পাপড়ে সকলোৰে সমাদৰ লাভ কৰিবলৈ তথা বজাৰ দখল কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে বিধানসভাৰ অধ্যক্ষ খেমচান্দ সিঙে। অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে এখন দেশৰ অৰ্থনীতি কেৱল চৰকাৰৰ ওপৰতে নিৰ্ভৰ নকৰে। উদ্যোগৰ বিকাশ সাধনৰ ওপৰত ৰাষ্ট্ৰীয় অৰ্থনীতি বহু নিৰ্ভৰশীল বুলি দাবী কৰি সিঙে লগতে কয় যে নতুন নতুন এণ্টাৰপ্ৰেনিউৰ সৃষ্টিত সকলোৱে মনোনিৱেশ কৰা উচিত। উল্লেখ্য যে মণিপুৰত দুজন ক’ৱিড-১৯ আক্ৰান্ত আছিল। সম্প্ৰতি দুয়োজনেই সুস্থ। ইয়াৰে এগৰাকী যুৱতী। লণ্ডনত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা এই যুৱতীগৰাকীয়েই আছিল ৰাজ্যখনৰ প্ৰথমগৰাকী ক’ৱিড-১৯ আক্ৰান্ত। ইতিমধ্যে তেওঁলোক হাস্পতালৰ পৰা ঘৰলৈ গৈছে।

ৰাজ্যখনৰ অন্তিম ক’ৱিড-১৯ পজিটিভ ব্যক্তিজন আছিল থৌবাল জিলাৰ ৫৩ বছৰীয়া এগৰাকী ব্যক্তি। লোকজনৰ একেৰাহে দুটা নমুনা পৰীক্ষাত নিগেটিভ অহাৰ পিছত তেওঁক সুস্থ বুলি চিকিত্সালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হয় ।

তাৰ পাছতে মণিপুৰ ক’ৱিড-১৯মুক্ত ৰাজ্যত পৰিণত হয় । উল্লেখ্য যে ২২ এপ্ৰিলৰ পৰা ৰাজ্যখনত কোনো নতুন ক’ৱিড-১৯ পজিটিভ ব্যক্তি ওলোৱা নাই।

অন্য খবৰৰ বাবে পঢ়ক: মেঘালয়ৰ ১১ জিলাৰ ১০খনক ক’ৱিড-১৯ সেউজ মণ্ডলৰূপে ঘোষণা

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story