Begin typing your search above and press return to search.

কেমেৰাৰ মুখামুখি হ’বলৈ সাজু বলীউডৰ চিৰসেউজ অভিনেতা ঋষি কাপুৰ

কেমেৰাৰ মুখামুখি হ’বলৈ সাজু বলীউডৰ চিৰসেউজ অভিনেতা ঋষি কাপুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Aug 2019 11:51 AM GMT

কেমেৰাৰ মুখামুখি হ’বলৈ সাজু বলীউডৰ চিৰসেউজ অভিনেতা ঋষি কাপুৰ ৷ বিগত বছৰৰ অক্টোবৰত বলীউডৰ চিৰসেউজ অভিনেতা ঋষি কাপুৰ কেন্সাৰ চিকিৎসাৰ কাৰণে নিউয়ৰ্কলৈ যাত্ৰা কৰিছিল ৷ প্ৰায় ১০ মাহ পিছত সুস্থ শৰীৰেৰে ঋষি কাপুৰ পুনৰ নিজৰ মাতৃভূমিলৈ আগমণ হ’ব ৷ ইতিমধ্যে এক সাক্ষাৎকাৰত ঋষি কাপুৰে কয় যে মই সম্পূৰ্ণভাৱে সুখী তথা সুস্থ ৷

পুনৰ কেমেৰাৰ মুখা মুখি হ’বলৈ মই সাজু । লগতে ঋষি কাপুৰে কয় মই মোৰ কেৰিয়াৰত ইমান বৃহৎ ব্ৰেক কেতিয়াও লোৱা নাছিলো। পুনৰ উভতি অহাৰ সময় আহি পৰিছে ৷ ইফালে অলপ ধেমেলীয়া সুৰত ঋষি কাপুৰে কয় যে মোৰ বেটাৰী চাৰ্জ হৈ আছে ৷ নিউয়ৰ্কত থকা সময়খিনিত মোক বহু তেজ দিছে ৷গতিকে মই যাতে মোৰ অভিনয় পাহৰি নাযাওঁ ৷

আনহাতে প্ৰায় পাঁচমাহ ধৰি ঋষি কাপুৰ ছ’চিয়েল মিডিয়াৰ পৰা দূৰত আছে যদিও কিছুদিনৰ পৰা আকৌ ছ’চিয়েল মিডিয়াৰ লগত জড়িত হৈ পৰিছে ৷বলীউডৰ চিৰ সেউজ অভিনেতা ঋষি কাপুৰ যে কেন্সাৰৰ পৰা যে মুক্তি পালে সেই কথা নিশ্চয় অনুৰাগীসকলে জানিছে ৷তথাপি সম্প্ৰতি ঋষি কাপুৰ আছে নিউয়ৰ্কৰ চিকিৎসকসকলৰ অধীনত ৷ এই সময়ত ঋষি কাপুৰৰ লগত আছে তেওঁৰ পত্নী নীতু সিং ৷নীতু সিং আৰু ঋষি কাপুৰৰ জীয়ৰী ৰিদ্ধিমা কাপুৰে ইনষ্টাগ্ৰামত এখন ফ’টো শ্বেয়াৰ কৰিছে ৷

ফ’টো খনত ৰনবীৰ কাপুৰ,আলিয়া ভাট্ট,ঋষি কাপুৰক দেখিবলৈ পোৱা গৈছে ৷ ৰিদ্ধিমাই এখন অন্য আলোকচিত্ৰও শ্বেয়াৰ কৰিছে ৷ সেই ফটোখনত ৰনবীৰ কাপুৰ,আলিয়া ভাট্টৰ উপৰিও ঋতু নন্দা,নাতাশা নন্দাৰ লগতে ঐশ্বৰ্য ৰায় বচ্চন,স্বামী অভিষেক বচ্চন আৰু জীয়ৰী আৰাধ্যা বচ্চনক দেখিবলৈ পোৱা গৈছে। এক বিশেষ সূত্ৰ মত অনুসৰি ঋষি কাপুৰে ৪ ছেপ্তেম্বৰত ৬৭ সংখ্যক জন্মদিন ভাৰতত আয়োজন কৰিব পাৰে ৷কাৰণ ভাৰতলৈ অহাৰ প্ৰসংগত ঋষি কাপুৰে কৈছিল যে মই আগষ্টত ভাৰতলৈ আহিবলৈ চেষ্টা কৰিম ৷

অন্য খবৰৰ বাবে পঢ়ক : কেন্সাৰ মুক্ত হ’ল বলীউডৰ চিৰসেউজ অভিনেতা ঋষি কাপুৰ

Next Story
চাকৰি