ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৰহিংগিয়াৰ নাম: বৰ্তমান কাৰাগাৰত ম্যানমাৰৰ ব্যক্তি জন

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৰহিংগিয়াৰ নাম: বৰ্তমান কাৰাগাৰত ম্যানমাৰৰ ব্যক্তি জন

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। সকলোৱে এখন শুদ্ধ নাগৰিক পঞ্জীৰ আশা কৰিছে । তেনে সময়তে, এন আৰ চিত নাম অন্তভূক্ত এজন ব্যক্তিক বিদেশী ন্যায়াধীশকৰনে বিদেশী বুলি ঘোষণা কৰিছে। এই সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে ব্যক্তি গৰাকীয়ে । এন আৰ চিৰ নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বহুতো বিসংগতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰ আৰু পাব্লিক ৱৰ্কছ কমিটিয়ে পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ।

উল্লেখযোগ্য যে, আলম হুছেইন মজুমদাৰ নামৰ এজন ম্যানমাৰ ৰহিংগিয়া ১২ বছৰৰ পূৰ্বে বাংলাদেশ হৈ অসমত প্ৰবেশ কৰিছিল । আলম হুছেইন মজুমদাৰৰ নামৰ ৪৫ বছৰীয়া লোক জনে শহুৰ আজিজুৰ ৰহমান ঘৰত আশ্ৰয় গ্ৰহণ কৰি আছিল । কৰিমগঞ্জৰ বেৰেংগা গাঁও পঞ্চায়ৰ বাগদাৰ বেতুকাণ্ডিত বসবাস কৰি আহিছিল দীৰ্ঘ দিন ধৰি । অসম ৰাইফলচ আৰু আৰক্ষীৰ যৌথ অভিযানত আটক কৰা হয় লোক জনক আৰু শনিবাৰে চি জে এম কোৰ্টত হাজিৰ কৰোৱা হয় আৰু কোৰ্টে কাৰাগাৰলৈ প্ৰেৰণ কৰে । আলম হুছেইন মজুমদাৰে কেৱল অবৈধ ভাৱে বসবাস কৰা নহয় আজিজুৰ ৰহমানৰ জীয়েকক বিয়া কৰোৱাই ।কাছাৰৰ এগৰাকী যুৱতীক বিয়া পাতি ভোটাৰ পৰিচয়, পানকাৰ্ড, বেংকৰ পাচবুক সহ ভাৰতীয় নাগৰিকৰ সকলো নথি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল ৰহিংগিয়া নাগৰিক জনে ৷

অসম ৰাইফলছে শিলচৰ বেৰেংগা বাগদহৰৰ পৰা ৰহিংগিয়া জনক গ্ৰেপ্তাৰ কৰাৰ পিচত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ ৰহিংগিয়া জনে বাংলাদেশ,পাকিস্তান , চৌডি আৰৱ ভ্ৰমণ কৰি সম্প্ৰতি কাছাৰত বিয়া পাতি স্থায়ী ভাবে বসবাস কৰি আছিল ৷ কোনো বিদেশী জিহাদী গোটৰ গুপ্তচৰ হিচাপে বৰাক উপত্যকাত কাম কৰা বুলি সন্দেহ অসম ৰাইফলছৰ ৷ ৰহিংগিয়া জনে নিজকে ম্যানমাৰৰ নাগৰিক বুলি স্বীকাৰ কৰিছে ৷ তেওঁৰ ঘৰ ম্যানমাৰৰ ৰাখাটন এলেকাৰ আইকুব বুধিডা গাৱঁত ৷ নিপীড়নৰ সময়ত কেবা বছৰ পুৰ্বে ম্যানমাৰৰ পৰা পলায়ন কৰি প্ৰথমে বাংলাদেশৰ শৰনাৰ্থী শিৱিৰত আশ্ৰয় লৈ পিচত চৌডি আৰৱ, পাকিস্তান, আফগানিস্তান ভ্ৰমণ কৰি পুনৰ বাংলাদেশলৈ উভতি যায় ৷ বাৰ বছৰ পুৰ্বে বাংলাদেশৰ পৰা কৰিমগঞ্জ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি প্ৰথমে হাফলঙত আশ্ৰয় লোৱা ৰোহিংগা জনে কাছাৰৰ সোণাই সমষ্টিৰ বাগদহৰৰ আজিজুৰ ৰহমান লস্কৰৰ এগৰাকী জীয়ৰীক বিয়া পাতি কাছাৰত স্থায়ী ভাবে থাকিবলৈ লয় বুলি ৰোহিংগা জনে স্বীকাৰ কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com