শ্যাম সুন্দৰ হত্যাকাৰীৰ সম্ভেদ দিয়া লোকক ২৫০০০ টকাৰ পুৰস্কাৰ

শ্যাম সুন্দৰ হত্যাকাৰীৰ সম্ভেদ দিয়া লোকক ২৫০০০ টকাৰ পুৰস্কাৰ

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে কুমাৰপাৰাত সংঘটিত হোৱা শ্যাম সুন্দৰ ৰতোৱাৰ হত্যাৰ সন্দৰ্ভত সংবাদমাধ্যমৰ লগত হোৱা কথা বাৰ্তাত কয় যে আমি চিচিটিভিৰ ফুটেজৰ জৰিয়তে শ্যাম সুন্দৰ ৰতাৱাৰ সম্পৰ্কত দুজন লোকক চিনাক্ত কৰিবলৈ সক্ষম হৈছো। দুজন হত্যাকাৰীক অনতি পলমে আটক কৰা হ’ব ৷

লগতে ৰাজ্যৰ বিভিন্ন স্থানত তেওঁলোকৰ ফ’টো প্ৰচাৰ কৰা হৈছে ৷যাতে লোকসকলে তেওঁলোকক চিনাক্ত কৰিব পাৰে ৷ইফালে এই ঘটনাৰ সন্দৰ্ভত বিহাৰ চিআইডিৰ লগত আলোচনা কৰাৰ পিছত ঘটনাটোৰ লগত জৰিত হত্যাকাৰীসকলৰ ফ’টো বিহাৰলৈও প্ৰেৰণ কৰা হৈছে। লগতে যি ব্যক্তি হত্যকাৰী দুটাৰ সম্ভেদ দিব তেওঁক ২৫০০০০ টকাৰ পুৰস্কাৰ দিব ৷আৰু নিজৰ পৰিচয় গোপনে ৰখা হ’ব বুলি প্ৰকাশ কৰে প্ৰশাসনী ৷

উল্লেখযোগ্য যে, পাঁচজনীয়া এটা দুৰ্বৃত্তৰ দলে শ্যাম সুন্দৰ ৰাতাৱা নামৰ লোকজনলৈ লক্ষ্য কৰি গুলী চালনা কৰে ।কুমাৰপাৰাৰ জগদাম্বা আইৰণ এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰীৰ কৰ্মচাৰী শ্যাম সুন্দৰ ৰাতাৱা ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

আৰক্ষীৰ এক বিশেষ সূত্ৰই জনোৱা অনুসৰি পাঁচ জনীয়া দুৰ্বৃত্তৰ দলটো প্ৰায় ৪-৫ বজাত দোকানত প্ৰবেশ কৰে আৰু হিন্দীত প্ৰশ্ন কৰে যে শ্যাম সুন্দৰ কোন? যেতিয়া ব্যক্তিজনে নিজৰ পৰিচয় দিয়ে তেতিয়া পাঁচ জনীয়া দলটোৰ পৰা গুলী চালনা কৰে । গুলী শ্যাম সুন্দৰৰ সোঁ ফালৰ ডিঙিৰ ওচৰত লাগে। ইয়াৰ পিছত এটা বেগ এৰি থৈ দুৰ্বৃত্তৰ দল ঘটনা স্থলীৰ পৰা পলায়ন কৰে।

আনহাতে ৰাজস্থানৰ বাসিন্দা ৫৫ বছৰীয়া শ্যাম সুন্দৰ বহু বছৰৰ পৰা প্ৰতিষ্ঠানটোত কাম কৰি আছে । উল্লেখ্য যে সেই প্ৰতিষ্ঠানটোৰ গৰাকী হৈছে শ্যামলাল শৰ্মা ৷ আৰক্ষীয়ে কোৱা অনুসৰি দুৰ্বৃত্তৰ দলটোৱে ৰাতাৱাক শ্যামলাল বুলি জানিয়েই গুলী চালনা কৰিলে।

ভিডিঅ প্ৰতক্ষ্য কৰক:Kumarpara Murder Incident: Guwahati Police announces cash award of Rs 25,000

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com